ETV Bharat / state

কিউ এছ ৰেংকিঙত তেজপুৰ বিশ্ববিদ্যালয়ৰ স্থান লাভ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:47 PM IST

কিউ এছ ৱৰ্ড্ল ইউনিভাৰ্চিটি ৰেংকিংছ 2024 ত স্থান লাভ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালৰ ৷ তেজপুৰ বিশ্ববিদ্যালয়ে নিয়োগ আৰু সুযোগ, সমতা, স্বাস্থ্য আৰু কল্যাণ, অধ্যয়ন প্ৰভাৱ, জ্ঞান বিনিময় আৰু সামাজিক প্ৰভাৱৰ বাবে সামগ্ৰিক প্ৰদৰ্শনৰ শিতানসমূহৰ ভিতৰত স্থান লাভ কৰিছে ৷

QS World University Rankings 2024
নাম কঢ়িয়াই আনিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে

তেজপুৰ, 6 ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ৷ ঐতিহ্যমণ্ডিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে কিউ এছ ৱৰ্ড্ল ইউনিভাৰ্চিটি ৰেংকিংছ 2024 (QS World University Rankings 2024) শীৰ্ষক এক সমীক্ষাত সামগ্ৰিক বহনক্ষমতাৰ প্ৰদৰ্শনত বিশ্বৰ ভিতৰত 1009-1050 সংখ্যক স্থান লাভ কৰিছে ৷ এই ৰেংকিঙত বিশ্বৰ সৰ্ববৃহ পৰিৱেশ (সামাজিক আৰু প্ৰশাসন) সমস্যাসমূহ চম্ভালিব পৰা এটা সংস্থাৰ সমতা জুখিবলৈ প্ৰস্তুত কৰা সূচকৰে গঠিত পদ্ধতি ব্যৱহাৰ কৰা হয় ৷

মঙলবাৰে অৰ্থাৎ 5 ডিচেম্বৰত প্ৰকাশ পোৱা এই ৰেংকিঙত বিশ্বৰ প্ৰায় 14 শ বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পৰিৱেশ প্ৰভাৱ শিতানত 697, পৰিৱেশ বহনক্ষমতা শাখাত 681, প্ৰশাসন বিভাগত 730 আৰু পৰিৱেশ শিক্ষা শাখাত 799 স্থান লাভ কৰিছে ৷

তদুপৰি তেজপুৰ বিশ্ববিদ্যালয়ে নিয়োগ আৰু সুযোগ, সমতা, স্বাস্থ্য আৰু কল্যাণ, অধ্যয়ন প্ৰভাৱ, জ্ঞান বিনিময় আৰু সামাজিক প্ৰভাৱৰ বাবে সামগ্ৰিক প্ৰদৰ্শনৰ শিতানসমূহৰ ভিতৰত স্থান লাভ কৰিছে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে বিশ্ববিদ্যালয় খনক এই সম্মানজনক তালিকাত স্থান দিয়াৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সকলোকে বিশ্ববিদ্যালয়খনক আৰু অধিক সন্মানজনক স্থিতিত উপনীত কৰোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ ইফালে এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল ৷

উল্লেখ্য যে, এই সমীক্ষাত শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাবে স্থানলাভ কৰিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে ৷ আনহাতে ৫ ডিচেম্বৰত প্ৰকাশ পোৱা কিউ এছ ৱৰ্ড্ল ইউনিভাৰ্চিটি ৰেংকিংছ 2024 ত দিল্লী বিশ্ববিদ্যালয়ক আটাইতকৈ বহনক্ষম ভাৰতীয় প্ৰতিষ্ঠান হিচাপে স্থান দিয়া হৈছে ৷ গোলকীয়ভাৱে বিশ্ববিদ্যালয়খনে ২২০ নম্বৰ স্থান লাভ কৰিছে ৷

লগতে পঢ়ক : জোনাইৰ ল'লাদ গাঁৱত পঃৰাগ উৎসৱৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.