ETV Bharat / state

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে ৰঙাপৰাত প্ৰতিবাদ

author img

By

Published : Jul 28, 2020, 11:17 AM IST

এনডিএফবি প্ৰধান ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত শোণিতপুৰৰ ৰঙাপৰাত সংগঠনটোৰ কেইবাটাও গোটে সাব্যস্ত কৰে প্ৰতিবাদ ৷ দৈমাৰীৰ মুক্তিৰ দাবীৰে গোটকেইটাই ৰঙাপৰাৰ বড়ো ফাচ্ৰাংগীৰ প্ৰাংগণত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Protest on demanding free ranjan daimary in rangapara sonitpur assam etv bharat news
ৰঙাপৰাত প্ৰতিবাদ

ৰঙাপৰা,28 জুলাই: সম্প্ৰতি কাৰাবন্দী হৈ থকা এনডিএফবি প্ৰধান ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত শোণিতপুৰৰ ৰঙাপৰাত সংগঠনটোৰ কেইবাটাও গোটে সাব্য়স্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে এনডিএফবি ৰঞ্জন দৈমাৰী গোট, ছাওৰাইগৌড়া গোট আৰু বড়ো অ’মেন জাষ্টিচ ফ’ৰামৰ শোণিতপুৰ শাখাই ৷ দলকেইটাই দৈমাৰীৰ মুক্তিৰ দাবীত ৰঙাপৰাৰ বড়ো ফাচ্ৰাংগীৰ প্ৰাংগণত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷

প্ৰতিবাদকাৰীসকলে বড়ো সকলক অন্যায়,অত্যাচাৰ কৰাৰ পৰিৱৰ্তে সম অধিকাৰ প্ৰদানৰ দাবী কৰে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অ’মেন জাষ্টিচ ফ’ৰামৰ নেত্ৰী ৰৈমালী মুছাহাৰীয়ে কাৰাবন্দী নেতাসকলৰ মুক্তিৰ বাবে চৰকাৰৰ সৈতে আলোচনা কৰিলে আদালতৰ দোহাই দি বিষয়টোৰ পৰা ফালৰি কাটে বুলি মন্তব্য কৰে ৷ লগতে আদালতলৈ গ’লেও চৰকাৰে সহযোগ কৰিলে কাৰাবন্দীসকলক মুক্তি দিয়াৰ কথা প্ৰকাশ কৰে বুলি ব্যক্ত কৰে ৷ দুই বিপৰীত ভাষ্যই সন্দেহৰ উদ্বেগ ঘটোৱা বুলি উল্লেখ কৰি নেত্ৰী গৰাকীয়ে বিগত ২৭ জানুৱাৰীত স্বাক্ষৰিত শান্তি চুক্তিয়ে বিটিচি নিৰ্বাচনৰ এজেণ্ডা আছিল নেকি বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে ৷ সেয়ে শান্তি চুক্তিৰ পিছত নেতাগৰাকীক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাটো অতি দুৰ্ভাগ্যজনক । ৰঞ্জন দৈমাৰীক বিটিচি নিৰ্বাচনৰ পূৰ্বে জামিনত মুক্তি কৰি দিবলৈ চৰকাৰক আহ্বান জনাই মুছাহাৰীয়ে ৷

ৰঙাপৰাত প্ৰতিবাদ

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন এনডিএফবিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আৰ লৌমাশ্ৰাৱে শান্তি চুক্তিৰ পিছত ৰঞ্জন দৈমাৰীসহ অন্যান্য নেতা-কৰ্মীক কাৰাগাৰত বন্দী কৰি ৰখাৰ প্ৰতি আশ্চৰ্যচকিত হৈ শান্তি চুক্তিক সন্মান জনাই শীঘ্ৰে মুক্তি দিবলৈ দাবী কৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক । প্ৰতিবাদস্থলীত উপস্থিত সংগঠনটোৰ সদস্যসকলে হাতে-হাতে ফেষ্টুন-বেনাৰ আদি লৈ দৈমাৰীৰ মুক্তিৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

লগতে চাওকঃ লুইতৰ বলিয়া বানত গৃহহাৰা ৰূপহীমুখৰ ২০ টা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.