ৰঙাপৰা, 20 জানুৱাৰী : পথ নিৰ্মাণৰ দাবীত শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকটাত বুধবাৰে কৃষক-শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ঢেকীয়াজুলি চহৰৰ পৰা পিৰাকটা হৈ ধিৰাই মাজুলী সংযোগী পথটি নিৰ্মাণৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীয়ে ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ ব্যৱস্থা কৰক, বিধায়ক গনেশ কুমাৰ লিম্বু হায় হায়, গনেশ কুমাৰ লিম্বু মুৰ্দাবাদ, সাংসদ পল্লৱ লোচন দাসৰ কাম নাই, অসম চৰকাৰৰ কাম নাই আদি বিভিন্ন শ্ল’গানৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷
প্ৰতিবাদস্থলীত সাংবাদিকক সম্বোধন কৰি কৃষক-শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয়, বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকটা-ধিৰাই মাজুলী সংযোগী পথটিৰে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উক্ত এলেকাৰ কেইবাখনো গাঁৱৰ লোকে অহা-যোৱা কৰি আহিছে । কিন্তু বহু দিনৰ পৰাই মেৰামতিৰ অভাৱত জহি-খহি যোৱা উক্ত পথছোৱা আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । এই ক্ষেত্ৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুক কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা আবেদন-নিবেদন কৰা পিচতো আজিলৈকে পথচোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি বৈশ্যই ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা