ETV Bharat / state

তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সম্পত্তিৰ পৰিমাণ - তেজপুৰ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে নিৰ্বাচনী আয়োগক দাখিল কৰিছে নিজৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ ৷ চাওঁ আহক তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সম্পত্তিৰ তালিকা ৷

তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সম্পত্তিৰ পৰিমাণ
author img

By

Published : Mar 27, 2019, 2:50 AM IST

তেজপুৰ, 27 মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থী ৷ তেজপুৰ লোকসভা সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে মনোনয়ন দাখিলত নিৰ্বাচনী বিষয়াৰ হাতত দাঙি ধৰিছে নিজৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে বেৱ চাইটত প্ৰকাশ কৰিছে পল্লৱ লোচন দাসৰ সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ ৷ বিধায়ক তথা মন্ত্ৰীজনৰ ২০১৭-২০১৮ ত সৰ্বমুঠ আয়ৰ পৰিমাণ আছিল ১৪ লাখ ৭৮ হাজাৰ ৮৬০ টকা । ইয়াৰ পূৰ্বে ২০১৩-১৪ ত মন্ত্ৰী দাসৰ আয়ৰ পৰিমাণ আছিল ৫ লাখ ১৪ হাজাৰ ৯২২ টকা ইয়াৰ বিপৰীতে তেওঁৰ সহধৰ্মিনী দ্বিতীমণি খন্দাইটৰ ২০১৭-১৮ ৰ আয়ৰ পৰিমাণ হৈছে ৮ লাখ ৪৯ হাজাৰ ৭৫৩ টকা ।

তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সম্পত্তিৰ পৰিমাণ

উল্লেখ্য যে, মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী দাসৰ পাঁচটা বেংক একাউণ্টত থকা নগদ ধনৰ লগতে বীমা, বণ্ড, এটা সোণৰ আঙুঠি , চেইন আৰু ফ’ৰ্ড ফিগ’ বাহনসহ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৩ লাখ, ৩৬ হাজাৰ ৩৪৬.২১ টকা ৷ লগতে তেওঁৰ পত্নীৰ নামত অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪১লাখ ৭০ হাজাৰ ১৯৩ টকা ৷ পল্লৱ লোচন দাসৰ ১২ গ্ৰাম ওজনৰ সোণৰ চেইন এডাল আৰু ৩.৫ গ্ৰামৰ এটা সোণৰ আঙুঠি আছে ৷ ইয়াৰ উপৰিও বিশ্বনাথৰ বাঘমাৰিত পাঁচ স্থানৰ উপৰিও ৰঙাপৰা বিধানসভা সমষ্টিৰ বৰ পাতগাঁৱত মুঠ১৫বিঘাৰ অধিক কৃষিভূমি, পত্নীৰ নামত বাঘমাৰীত ৬ স্থানত আছে ২৪ বিঘাৰো অধিক কৃষি ভূমি ৷ শপতনামাত উল্লেখ থকা অনুসৰি পল্লৱ লোচন দাসৰ নামত থকা ভূমিৰ মূল্য ২৭ লাখ ৮৪ হাজাৰ ৮০০ টকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত ভূমিৰ মূল্য হৈছে ৩১ লাখ ৫৮ হাজাৰ ৮০০ টকা ৷

Intro:তেজপুৰ:২৬ মাৰ্চ: তেজপুৰ লোক সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পল্লব লোচন দাস ৰ মনোনয়ন পত্ৰ দাখিলত নিৰ্বাচনী বিষয়াক দিয়া স্থাৱৰ আৰু আস্তাৱৰ সম্পত্তিৰ তালিকা ইতিমধ্যে নিৰ্বাচনী বিভাগে ৱেৱ চাইটত প্রকাশ কৰিছে ।
২০১৭-২০১৮ ত সৰ্ব মুঠ আয়ৰ পৰিমাণ আছিল ১৪ লাখ ৭৮হাজাৰ ৮৬০ টকা ।ইয়াৰ পূৰ্বে ২০১৩-১৪ ত মন্ত্ৰী দাসৰ আয়ৰ পৰিমান আছিল ৫ লাখ ১৪ হাজাৰ ৯২২ টকা ইয়াৰ বিপৰীতে তেওঁৰ সহধৰ্মিনীৰ দ্বিতীমণি খন্দাইট ৰ ২০১৭-১৮ ৰ আয়ৰ পৰিমাণ হৈছে ৮ লাখ ৪৯ হাজাৰ ৭৫৩ টকা ।বিজেপি প্ৰাৰ্থী গৰাকীৰ হাতত নগদ ২ লাখ ৪০ হাজাৰ থকাৰ বিপৰীতে তেওঁৰ পৰিবাৰৰ হাতত মজুত আছে ৩ লাখ ১০ হাজাৰ টকা

Body:উল্লেখযোগ্য যে মন্ত্ৰী তথা প্ৰাৰ্থী দাসৰ পাঁচ তা বেংক একাউণ্ট ত থকা নগদ ধনৰ লগতে বীমা,বণ্ড , এটা সোণৰ আঙুঠি চেইন আৰু ফৰ্ড ফিগ বাহন সহ আস্তাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৩ লাখ, ৩৬ হাজাৰ ৩৪৬.২১ টকা । ইয়াৰ উপৰিও মন্ত্রী গৰাকীৰ পৰিবাৰৰ নামত আস্তাৱৰ সম্পত্তি পৰিমাণ হৈছে ৪১লাখ ৭০ হাজাৰ ১৯৩ টকা ।দাসৰ ১২ গ্ৰাম ওজনৰ সোনৰ চেইন এডাল আৰু ৩.৫ গ্ৰামৰ এটা সোণৰ আঙুঠি আছে ।ইয়াৰ উপৰিও দাসৰ নামত বিশ্বনাথ ৰ বাঘমাৰিত পাঁচ স্থানৰ উপৰিও ৰঙাপৰা বিধানসভাৰ সমষ্টিৰ বৰ পাতগাওঁত মুঠ ১৫ বিঘাৰ অধিক কৃষি ভূমি থকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত বাঘমাৰীত ৬ স্থান ত আছে ২৪ বিঘাৰো অধিক কৃষি ভূমি শপত নামত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থী দাসৰ নামত থকা ভূমিৰ মূল্যৰ পৰিমাণ ২৭ লাখ ৮৪ হাজাৰ ৮০০ টকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত ভূমিৰ মূল্য হৈছে ৩১ লাখ ৫৮ হাজাৰ ৮০০ টকা ।

Conclusion:প্ৰণৱ কুমাৰ দাস। ইটিভি ভাৰত অসম ।
তেজপুৰ।
২৬/৩/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.