তেজপুৰ,২৩ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ ভয়ংকৰ ৰূপ(Flood in Assam) । বৰ্তমানেও বানৰ কৱলৰ পৰা মুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । কিন্তু বিগত সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈ শংকিত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । সেয়েহে আগন্তুক সময়ত হ'ব পৰা সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰতৃপক্ষই ।
এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্যানখনৰ বন বিষয়াসকল আৰু অসমৰ মুখ্য বন সংৰক্ষক মাজত সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ, অষ্টম আৰু নৱম সংযোজনৰ বাবে আগন্তুক বান প্ৰতিৰোধী এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়(Preparations begin in Kaziranga to deal with flood situation) । বৈঠকখনত বিশেষকৈ বানপানীৰ সময়ত চোৰাং চিকাৰীৰ ওপৰত কটকটীয়া নজৰ আৰু নিৰাপত্তাৰ বিষয়েও বিশদভাবে আলোচনা কৰা হয় । লগতে জীৱ জন্তুৰ সাম্ভাব্য বানৰ সময়ত আশ্রয়ৰ বাবে নিৰ্মান কৰা আশ্ৰয় স্থল সমূহ বন বিভাগৰ দ্বাৰা নিৰীক্ষণত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে বৈঠকখনত ।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বানপানীৰ সময়ত জীৱ জন্তুৰ আশ্রয়ৰ বাবে পূৰ্বে ১১১ টা ওখ স্থান আছিল যদিও বানপানীৰ সময়ত বহুকেইটা স্থান ডুব যোৱাৰ বাবে চৰকাৰে ২০২০-২১ বৰ্ষৰ পৰিকল্পনাৰ সময়ত পুনৰ ৩৩ টা এনে ওখ স্থান নিৰ্মাণ কৰিছিল আৰু প্ৰায় ৬.২ কিলোমিটাৰ ওখ ঠাইৰ লগতে পথো নিৰ্মাণ কৰে । আনহাতে ৰাষ্ট্ৰীয় উদ্যান খনৰ ষষ্ঠ সংযোজন এলেকাত ২৫ মিটাৰ দৈৰ্ঘৰ এনে আৰু দুটা ওখ আশ্ৰয়স্থল নিৰ্মাণ কৰে বিশ্বনাথ জিলাৰ মনাবাৰী আৰু চিবি নামৰ স্থানত ।
মন কৰিবলগীয়া যে বিগত সময়চোৱাত হোৱা বানত ৰাষ্ট্ৰীয় উদ্যানখনত জীৱ জন্তুসমূহে হাঁহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা পৰিলক্ষিত হৈ আহিছে । সেয়েহে এইবাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পূৰ্বতকৈ অধিক সজাগ হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Discrimination in flood relief distribution: বান সাহাৰ্য বিতৰণত চৰম বৈষম্যৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ