তেজপুৰ,20 চেপ্তেম্বৰঃ সমগ্ৰ দেশতেই এতিয়া চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ বহু আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ জাহাজ ঘাটত দেখা গ'ল অন্য এক বিপৰীত ছবি ৷
তেজপুৰ চহৰৰ বিভিন্ন ঠাইত স্কুল কলেজে আৰম্ভ কৰে স্বচ্ছ ভাৰত অভিযানৰ বিপৰীতে আনফালে জিলা প্ৰশাসনৰ অলক্ষিতে মূৰ্তি উটুৱাৰ নামত কলুষিত কৰিছে ব্ৰহ্মপুত্ৰৰ পানী । আনফালে ভগৱানৰ মূৰ্তি বিসৰ্জনৰ নামত এতিয়া জাৱৰৰ দমলৈ পৰিণত হৈছে সমগ্ৰ তেজপুৰৰ জাহাজঘাটৰ অঞ্চল ৷ য'তে ত'তে পৰি আছে পূজাৰ সামগ্ৰী ৷ মূৰ্তি সমূহৰ লগতে পূজাৰ সামগ্ৰী ব্ৰহ্মপুত্ৰত উটুৱাই দিছে একাংশ ৰাইজে ৷ ব্ৰহ্মপুত্ৰৰ পানী কলুষিত হোৱাক লৈ এতিয়া সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ এফালে চৰকাৰে স্বচ্ছতাৰ বাবে বিভিন্ন আচনি আনফালে আকৌ প্ৰশাসনৰ অলক্ষিতে চলিছে পৰিৱেশ বিনস্ত কৰাৰ কিছুমান কাৰ্য ৷ বন্ধ কৰিব পাৰিবনে চৰকাৰ তথা প্ৰশাসনে নে এনে কাৰ্য,নে এনেকৈয়ে চলি থাকিব পৰিৱেশ বিনষ্ট হোৱা কাৰ্য ?