তেজপুৰ : শীতৰ বতৰত অৰুণাচল প্ৰদেশৰ টাৱাঙে লৈছে একে মনোমোহা ৰূপ ৷ বৰফৰে আৱৰা হিমালয়ৰ পাদদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত টাৱাঙলৈ স্বাভাবিকতেই বৈছে পৰ্যটকৰ সোঁত ৷ দুৰণিবটীয়া ঠাইৰ পৰা বহু পৰ্যটকে বৰফৰ শুভ্ৰ আচ্ছাদনৰে অপৰূপ হৈ উঠা টাৱাঙৰ নান্দনিক পৰিৱেশ উপভোগ কৰাৰ বাবে ঢাপলি মেলিছে ৷ কিন্তু তাৰ মাজতে কিছু অনাকাঙ্খিত ঘটনাই অৱশ্যে এই কথা সোঁৱৰাই দিছে যে টাৱাঙলৈ ফুৰিব গ’লে অৱলম্বন কৰক কিছু সাৱধানতা ৷
প্ৰকৃতিৰ কোলাত উমলিব খোজোতে মন কৰক সম্ভাব্য বিপদবোৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভ্ৰমণকাৰীসকলক স্থানীয় কৰ্তৃপক্ষই নিৰাপদে ভ্ৰমণৰ বাবে দিছে কিছু গুৰুত্বপূূৰ্ণ নিৰ্দেশনা ৷
- বৰফে ঢকা হ্ৰদত আবদ্ধ পৰ্যটক
দৰাচলতে এই প্ৰসংগৰ সুত্ৰপাত এটা শিহৰণকাৰী ভিডিঅ’ৰ আধাৰত ৷ এটা ভাইৰেল ভিডিঅ' । যিটো দেখি সকলোৰে গাৰ নোম শিয়ৰি উঠিছে । ৪ জনীয়া এটা পৰ্যটকৰ দল হঠাৎ সোমাই গ'ল বৰফাবৃত এটা হ্ৰদত । পৰ্যটককেইজনে কেৱল চিঞৰিছে আৰু চিঞৰিছে । আচলতে এই দৃশ্যটো পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ চেলা পাছৰ । বছৰৰ এই সময়ত টাৱাং সংযোগী চেলা পাছৰ বৰফাবৃত এই হ্ৰদৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ সম্প্ৰতি হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হৈছে । তাৰ মাজতে এই ঘটনা সংঘটিত হয় ।
ভিডিঅ'ত দেখা গৈছে ৩ গৰাকী মহিলা আৰু এজন পুৰুষ । বৰফাবৃত হ্ৰদটোত তেওঁলোক আবদ্ধ হৈ পৰে । হ্ৰদৰ মাজত আবদ্ধ হৈ পৰা দলটোৱে সহায়ৰ বাবে চিঞৰি আছে । তাৰ মাজতে স্থানীয় লোক আৰু পৰ্যটকে তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে । মনপা লোকসকলৰ ধৰ্মীয় পতাকাত থকা এডাল ৰছীৰে অৱশেষত এজন এজনকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । একাংশ লোকে এই দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰে আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰচাৰ কৰে ।
ইটিভি ভাৰতৰ হাতলৈ অহা এই ভিডিঅ'টো সীমান্ত পথ সংস্থাৰ শ্ৰমিক সংগঠনৰ সভাপতি লেকি চেৰিঙৰ । তেওঁ তেওঁৰ সামাজিক মাধ্যমত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে । তেওঁ ইটিভি ভাৰতক ফোন যোগে কয়, "টাৱাঙৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা সকলো পৰ্যটকে এই সময়ত সাৱধানতা অৱলম্বন কৰা দৰকাৰ । কোনো কাৰণতে বৰফেৰে আৱৰি থকা স্থানত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছো ।"
- পৰ্যটন বিভাগৰ নিৰ্দেশনা :
এই ঘটনাৰ এদিন পিছতে টাৱাঙৰ জিলা পৰ্যটন বিষয়া চেৰিঙে ডেকিয়ে এক জৰুৰী পৰামৰ্শৰ নিৰ্দেশনা জাৰি কৰিছে । ইতিমধ্যে জিলা প্ৰশাসনেও এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ।
নিৰ্দেশনাটোত পৰ্যটন বিষয়াগৰাকীয়ে উল্লেখ কৰিছে, "সামাজিক মাধ্যমৰ জৰিয়তে দেখা গৈছে যে বহু দৰ্শনাৰ্থী/পৰ্যটকে এতিয়াও ফটো শ্বুটৰ বাবে বৰফাবৃত হ্ৰদটোত প্ৰৱেশ কৰি নিজৰ জীৱনক অতি বিপদত পেলাইছে । সেয়েহে পৰ্যটন বিভাগ, টাৱাঙে পুনৰবাৰ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে ।"
অধিক উচ্চতাৰ পৰ্যটনস্থলী যেনে চেলা পাছ, বুমলা পাছ, চাংগেষ্টাৰ হ্ৰদ, পিটি ছ', চুমি গাট্চে (পবিত্ৰ জলপ্ৰপাত) আৰু অন্যান্য অঞ্চললৈ যাত্ৰা কৰাৰ সময়ত দৰ্শনাৰ্থী/পৰ্যটকসকলক সুৰক্ষাৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ কঠোৰ অনুৰোধ জনোৱা হৈছে ।
- নিৰ্দেশনাবোৰ কি কি ?
বৰফাবৃত হ্ৰদত প্ৰৱেশ নকৰিব : টাৱাঙৰ বৰফাবৃত হ্ৰদবোৰ শীতকালত অধিক আকৰ্ষণীয় হোৱাৰ বিপৰীতে গুৰুতৰ বিপদৰো সৃষ্টি কৰে । হ্ৰদবোৰ আবৰি থকা বৰফ অস্থিৰ আৰু মানুহৰ ওজন বহন কৰিব পৰাকৈ ডাঠ নহ'বও পাৰে । গতিকে সুৰক্ষাৰ বাবে পৰ্যটন বিভাগ টাৱাঙে সকলো পৰ্যটকক এনে হ্ৰদত প্ৰৱেশ বা ভৰি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে ।
আৱৰ্জনা নেপেলাব : পৰ্যটন বিভাগে কৈছে, "আমি সকলো দৰ্শনাৰ্থীক অনুৰোধ কৰিছো যে আৱৰ্জনা পেলোৱাৰ পৰা বিৰত থাকি টাৱাঙৰ প্ৰাকৃতিক সৌন্দৰ্য সংৰক্ষণত সহায় কৰক । পৰিৱেশ পৰিষ্কাৰ আৰু সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰক বা আপোনাৰ আৱৰ্জনাবোৰ লগত লৈ যাওক । অনুগ্ৰহ কৰি পূৰ্বে উল্লেখ কৰা ঠাইত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বা জৈৱ-নিষ্কাশন নোহোৱা বস্তু কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকক ।"
স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰণ কৰক : জিলা পৰ্যটন বিষয়াই নিৰ্দেশনাত কয় যে জৰুৰীকালীন অৱস্থাত পৰ্যটকে সুৰক্ষা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষ, ট্যুৰ গাইড আৰু উদ্ধাৰকাৰী দলৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগে ।
বতৰৰ সজাগতা : টাৱাঙত মঙলবাৰৰ পৰা কিছু পৰিমাণে তুষাৰপাত আৰম্ভ হৈছে । যদিও পাহাৰীয়া অঞ্চলত ইতিমধ্যে তুষাৰপাতৰ ফলত বৰফ জমা হৈছে সেইবাবে ভ্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে সদায় শেহতীয়া বতৰৰ আগজাননী আৰু পথৰ অৱস্থা পৰীক্ষা কৰক । প্ৰচণ্ড তুষাৰপাত বা অন্যান্য ভয়াৱহ বতৰৰ সময়ত পাহাৰীয়া অঞ্চললৈ যাত্ৰা পৰিহাৰ কৰক ।
ভ্ৰমণৰ সাৱধানতা : বৰফেৰে আবৃত পথ থকা অঞ্চললৈ যাওঁতে নিশ্চিত হওঁক যে আপোনাৰ বাহনসমূহত নন-স্কিড চেইন লগোৱা হৈছে নে নাই । পথ সুৰক্ষা বজাই ৰখা আৰু দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এইটো অতি গুৰুত্বপূৰ্ণ । গৰম কাপোৰ, জৰুৰীকালীন কিট আৰু যোগাযোগৰ যন্ত্ৰপাতি লৈ যাব লাগে ।
যিসকল ব্যক্তিৰ অধিক উচ্চতাত ভ্ৰমণ কৰাত স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকক বুমলা পাছ, শ্বোংগা-ট্চেৰ হ্ৰদ, চেলা পাছ আৰু চুমি গাট্চে (পবিত্ৰ জলপ্ৰপাত) আদি অঞ্চললৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে । হঠাতে অধিক উচ্চতালৈ গ'লে স্বাস্থ্যজনিত গুৰুতৰ জটিলতা হ'ব পাৰে । বৰফেৰে আবৃত পথত বিশেষজ্ঞ চালকৰ সৈতে যাওক ।
ইয়াৰ উপৰিও পৰামৰ্শ দিয়া হৈছে যে চেলা পাছ, বুমলা পাছ, চাংগেষ্টাৰ হ্ৰদ, পিটি টছ', চুমি গাট্চে আদি অধিক উচ্চতাৰ অঞ্চললৈ যোৱাৰ আগতে সকলো পৰ্যটক/দৰ্শনাৰ্থীয়ে বাধ্যতামূলকভাৱে নিজকে সাৱধানতাৰে সুৰক্ষিত কৰক । স্বাস্থ্যজনিত সমস্যা আৰু অন্যান্য আনুষংগিক ৰোগ থকা পৰ্যটক/দৰ্শনাৰ্থীসকলে পূৰ্বৰ চিকিৎসাৰ পৰামৰ্শ, ঔষধ আৰু অন্যান্য ঔষধৰ উপলব্ধতা নিশ্চিত কৰি অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন ।