ETV Bharat / state

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পলিঅ' প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ - শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক

শোণিতপুৰl উপ ৰাষ্ট্ৰীয় পলিঅ' নিৰ্মূল দিৱসৰ সৈতে সংগতি ৰাখি পলিঅ' প্ৰতিষেধক অভিযান আৰম্ভ । শোণিতপুৰ জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১ লাখ ৪৮ হাজাৰ ৯৭৮ টি পাঁচ বছৰৰ তলৰ শিশুক সামৰি লোৱা হ'ব এই অভিযানত ।

Tezpur Kanaklata Civil Hospital
তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:38 PM IST

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়

তেজপুৰ , ১০ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত দেওবাৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ জিলা অতিৰিক্ত আয়ুক্ত তৱাহিৰ আলমে । উল্লেখযোগ্য যে ভাৰতবৰ্ষ বৰ্তমান পলিঅ' মুক্ত হৈছে যদিও প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তান, আফগানিস্তান এতিয়াও পলিঅ' মুক্ত হোৱা নাই । সেয়ে ভাৰতত পলিঅ' বিয়পিব পাৰে বুলি আশংকা কৰি পলিঅ' দিৱস পালনৰে ১০ ৰ পৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে ।

পলিঅ' প্ৰতিষেধক অভিযান উদ্বোধন কৰি অতিৰিক্ত আয়ুক্ত তৱাহিৰ আলমে কয় যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত । গতিকে শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে আমি পলিঅ' নিৰ্মূল কৰিব লাগিব । শোণিতপুৰ জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১ লাখ ৪৮ হাজাৰ ৯৭৮ টি পাঁচ বছৰৰ তলৰ শিশু আছে । এই শিশু সকলক পলিঅ' মুক্ত কৰিবলৈ অহা তিনিদিনলৈ এই অভিযান চলিব । গতিকে জিলাখনৰ ৰাজহুৱা স্থান, বাছ আস্থান, ঘৰে ঘৰে গৈ, জনবহুল ঠাই, বজাৰ বিদ্যালয় আদিত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি কয় অতিৰিক্ত আয়ুক্তগৰাকীয়ে ।

এই উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত গৰাকীৰ লগতে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াওউদ্দিন আহমেদ, শোণিতপুৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিমান শৰ্মা, জিলা টীকাকৰণ বিষয়া ডাঃ টুটুমনি সন্দিকৈ, কনকলতা অসামৰিক চিকিৎসালয় নাৰ্ছিং স্কুলৰ অধীক্ষক ডাঃ ৰেখা দেৱী উপস্থিত থাকি পলিঅ' নিৰ্মূলকৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে তেজপুৰত ভাৰত তিব্বত সমন্বয় সংঘৰ সজাগতা সমদল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.