তেজপুৰ , ৩০ জানুৱাৰী : অহা মাহত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৭ ফেব্ৰুৱাৰীত শ্বহীদ নগৰী ঢেকীয়াজুলিত বিশাল জনসমাৱেশত অংশ লব প্ৰধানমন্ত্ৰী গৰাকীয়ে । ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালেও ইতিমধ্যে নিমন্ত্ৰণী পত্ৰ প্ৰকাশ কৰিছে । ন-কৈ সজাই পৰাই তোলাৰ প্ৰস্তুতি চলিছে শ্বহীদ নগৰী ঢেকীয়াজুলি ।
অৱশ্য়ে এই মুহূৰ্তলৈকে চৰকাৰী ভাবে কোনো ঘোষণা কৰা হোৱা নাই যাৰ বাবে প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থানো নিশ্চিত কৰিব পৰা নাই প্ৰশাসনে । আনহাতে শিৱসাগৰৰ জেৰেঙ পথাৰত অলপতে হৈ যোৱা সভাত আশানুৰূপ লোকৰ সমাবেশ নোহোৱাৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক অসম ভ্ৰমণক লৈ অধিক তৎপৰ হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ ।
শিৱসাগৰৰ সভাত ৩ লাখ লোকৰ সমাবেশ হ'ব বুলি বিজেপি দলে দাবী কৰিছিল যদিও এই সংখ্যা ৫০ হেজাৰতে সীমাবদ্ধ থাকে । সেয়ে ঢেকিয়াজুলিৰ সভাত ৫ লাখ লোকৰ সমাবেশ ঘটোৱাৰ লক্ষ্য লৈছে শাসকীয় দলটোৱে। ইফালে এই জনসভাত প্ৰায় ৫ লাখ লোকৰ সমাৱেশ হব' বুলি দাবী কৰিছে তেজপুৰৰ সাংসদ পল্লব লোচন দাসে ।
লগতে পঢ়ক :গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ