তেজপুৰ, 2 ছেপ্তেম্বৰ : কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ নীতি-নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ সামাজিক দূৰত্ব, মাক্স পৰিধান কৰিবৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা সকলো সময়তে নিৰ্দেশনা প্ৰদান কৰি আহিছে কিন্তু প্ৰশাসনৰ নীতি-নিৰ্দেশনাক আওকান কৰি বৰ্তমানেও একাংশ লোক সজাগ হোৱা পৰিলক্ষিত হৈছে ৷
বুধাবাৰে তেজপুৰত একাংশ লোকে কোনো ধৰণৰ সামাজিক দূৰত্ব তথা মাক্স পৰিধান নকৰাকৈ আধাৰ কাৰ্ড বনাবলৈ লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ তেজপুৰৰ প্ৰধান ডাকঘৰত আধাৰ কাৰ্ডৰ নামত একাংশ গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে, পুৱাৰে পৰাই ডাকঘৰটোত গ্ৰাহকে নীতি-নিৰ্দেশনা পালন নকৰি ভিৰ কৰাৰ পিচতো প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰতিদিনে শোণিতপুৰ জিলাত ক'ভিড-19 ৰ সংখ্যা বৃদ্ধি পাই অহাৰ পিচতো একাংশ লোক বৰ্তমানেও সজাগ নোহোৱাৰ বাবে জিলাখনৰ সচেতন মহল বৰ্তমান শংকিত হৈ পৰিছে ৷
উল্লেখ্য যে, শোণিতপুৰ জিলাত বৰ্তমানলৈ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 2927 গৰাকী ৷ আৰোগ্য ৰোগীৰ সংখ্যা 1727 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 3 গৰাকী ৷ একেদৰে অসমত সৰ্বমুঠ কৰ'ণা ৰোগীৰ সংখ্যা 111724 গৰাকী ৷ আৰোগ্য ৰোগীৰ সংখ্য়া 86892 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 315 গৰাকী ৷
লগতে পঢ়ক : কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য