ETV Bharat / state

জৰাসৰ নদীৰ ওপৰৰ এখন জৰাজীৰ্ণ দলঙৰ কথাৰে - জৰাসৰ নদী

অসম-অৰুণাচল সীমান্তৱৰ্তী ওপৰ মোলানগাঁও আৰু বগীজুলি গাঁৱৰ ৰাইজৰ জৰাসৰ নদীৰ ওপৰত যাতায়তৰ মাধ্যম মাথো এখন হেলনীয়া বাহৰ দলং ৷

জৰাসৰ নদীৰ ওপৰৰ এখন জৰাজীৰ্ণ দলঙৰ কথাৰে
author img

By

Published : Aug 24, 2019, 2:49 PM IST

ৰঙাপাৰা,24 আগষ্ট: ৰঙাপাৰাৰ জৰাসৰ নদীৰ ওপৰত মাত্ৰ এখন হেলনীয়া বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে অসম-অৰুণাচল সীমান্তৱৰ্তী ওপৰ মোলানগাঁও,বগীজুলি গাঁৱৰ ৰাইজে ৷ ৰঙাপৰাৰ কলনি চাহ বাগিচা আৰু ওপৰ মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈ ওপৰত থকা বাঁহৰ দলং সম্প্ৰতি পৰিণত হৈছে মৰণ ফান্দত যাৰ ফলত গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী বহু অসুবিধাৰ সন্মুখীন হৈছে ৷

জৰাসৰ নদীৰ ওপৰৰ এখন জৰাজীৰ্ণ দলঙৰ কথাৰে

কেইটামান মাহ পূৰ্বে ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি জৰাসৰ নৈৰ ওপৰত এখন বাহৰ দলঙ নিৰ্মাণ কৰিছিল যদিও বৰ্তমান দলঙখন দীঘলীয়া হোৱাৰ বাবে মাজৰ অংশ হেলনীয়া হৈ পৰাৰ ফলত পাৰ হওঁতে দলঙখন কঁপি উঠে যি ৰাইজৰ মাজত এতিয়া প্ৰাণ-সংশয়ৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে বাঁহৰ দলঙখনৰ পৰা পৰি এজন লোকে প্ৰাণ হেৰুৱাৰ ওপৰিও বহুলোক হতাহত হৈছে তাৰ পাছতো কিন্তু ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে ৷ ৰাইজৰ এই দুখ-দুদৰ্শাৰ কথা পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰে কেতিয়া উপলব্ধি কৰি তাকে লৈ প্ৰশ্নৰ অবতাৰনা হৈছে অঞ্চলটোৰ সচেতন মহলে ৷

Intro:জৰাসৰ নদীৰ ওপৰত থকা হেলনীয়া বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল যাতায়ত স্থানীয় ৰাইজৰBody:ৰঙাপৰাঃ কিমান বিপদ সংকুল ভাবে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে যাতায়ত কৰিবলগীয়া হৈছে সেয়া আপুনি প্ৰত্যক্ষ নকৰিলে অনুধাৰন কৰিব নোৱাৰিব।এখন নদীৰ ওপৰত আছে এখন দীঘল বাঁহৰ দলং, তাকো হেলনীয়া। যিকোনো ব্যক্তি দলঙখনৰ পৰা পানীত পৰিলে মৃত্যু অনিবাৰ্য। উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী ওপৰ মোলানগাঁও, বগীজুলি আদি গাঁৱৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী অতি বিপদ সংকুল ভাবে উক্ত বাঁহৰ দলঙখনৰ ওপৰেদি যাতায়ত কৰি আহিছে। ৰঙাপৰাৰ কলনি চাহ বাগিচা আৰু ওপৰ মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈ ওপৰত থকা বাঁহৰ দলং সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে। কলনী চাহ বাগিচা আৰু ওপৰ মোলানগাঁও সংযোগী পথচোৱাৰ জৰাসৰ নদীৰ ওপৰত কোনো দলং নথকাৰ বাবেই গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী বহু অসুবিধাৰ সন্মূখীন হবলগীয়া হৈছে। ৰাইজে গাঠিৰ ধন ভাঙি নদীখনৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মান কৰি লৈছে। সম্প্ৰতি দলঙখন দীঘলীয়া হোৱা বাবে মাজৰ অংশ হেলনীয়া হৈ পৰিছে। হেলনীয়া অংশৰে পাৰ হওঁতে দলঙখন কঁপি থকাৰ ফলত পিছলি ভৰা নদীৰ বুকুত যিকোনো ব্যক্তি পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। তথাপিও স্থানীয় ৰাইজ ছাত্ৰ-ছাত্ৰী সকলে জৰাজীৰ্ন বাঁহৰ দলংখনৰ ওপৰেদি বিপদ সংকুল ভাৱে অহা যোৱা কৰি আহিছে। বাঁহৰ দলঙখনৰ পৰা পৰি বৰ্তমান এজন লোকে প্ৰাণ হেৰুৱাব হেৰুৱাৰ উপৰিও কেইবাজনে লোক আহত হৈছে। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটি কেতিয়া অৱসান ঘটিব আৰু কিমান দিনলৈকে স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মান কৰি যাতায়ত কৰিব ৷ ৰাইজৰ দুখ-দুদৰ্শাৰ কথা পৰিবৰ্তকামী ৰাজ্য চৰকাৰে কেতিয়া উপলব্ধি কৰি তাকে লৈ প্ৰশ্নৰ অবতাৰনা হৈছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.