তেজপুৰ, 16 অক্টোবৰ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'ভকেল ফৰ লোকেল' শ্ল'গান অনুসৰণ কৰি চৰকাৰী কাৰ্যালয়লৈ পৰম্পৰাগত সাজ পৰিধান কৰি অহাৰ নিৰ্দেশ অৰুণাচল প্ৰশাসনৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্ত মৰ্মে প্ৰতি মাহৰ কোনো এটা দিন বা 15 তাৰিখত পৰম্পৰাগত সাজ পৰিধান কৰাৰ বাবে দিয়া নিৰ্দেশনাক প্ৰথম অৱস্থাত অসমত পালন কৰা দেখা গৈছিল যদিও মাত্ৰ এটা দিনৰ বাবেহে যেন এই নিৰ্দেশনা অসমত মানি চলা হ'ল ৷ কিন্তু কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দেখা গৈছে এক ব্যতিক্ৰমী ছবি ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ চৰকাৰী কাৰ্যালয়লৈ প্ৰতিজন কৰ্মচাৰীয়ে নিজ জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পৰিধান কৰি আহে ৷
![কৰ্মক্ষেত্ৰলৈ পৰম্পৰাগত সাজ পিন্ধি অহা অৰুণাচলৰ চৰকাৰী কৰ্মচাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16oct-803-pix-traditionalartire-pranabkumardas-7203907_16102020184539_1610f_1602854139_1022.jpg)
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত প্ৰথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ এই নিয়ম পালন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত অসমত চৰকাৰ তথা চৰকাৰী বিষয়ববীয়া উভয়েই এই কথা পাহৰি যোৱা দেখা গ'ল ৷ কিন্তু এই সময়তে চুবুৰীয়া ৰাজ্যখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মানি কৰ্মচাৰী সকলে নিজ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি পৰম্পৰাগত সাজ পৰিধান কৰি আহি এক নিদৰ্শন দাঙি ধৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে এতিয়া টাৱাঙৰ হেলিপেডেট আৰু চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ পৰিধান কৰি আহি সুকীয়া পৰিচয় দাঙি ধৰিছে ৷