তেজপুৰ, ৭ জুলাই: শোণিতপুৰৰ এখন বিদ্যালয়ত অভিভাৱকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰাথমিক শিক্ষা বিষয়াৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদত বঢ়িল অভিভাৱকসকল (Parents protest against schools merger) ৷ ঘটনাটো সংঘটিত হৈছে শোণিতপুৰৰ অতি ভিতৰুৱা অঞ্চল বুঢ়াচাপৰিত(Burhasapari of Sonitpur) ৷ স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰে কোনো আলোচনা নকৰি নিজা সিদ্ধান্তৰে এগৰাকী শিক্ষা বিষয়াই এখন প্ৰাথমিক বিদ্যালয় আন এখন মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে চামিল কৰিবলৈ লোৱা সিদ্ধান্তত ৰাইজ তথা অভিভাৱকসকল ক্ষুব্ধ হৈ পৰিছে ।
১৯৫২ চনতে স্থাপিত ধনীয়া প্ৰাথমিক বিদ্যালয়খন শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । এনে পৰিপেক্ষিতত জিলাখনৰ প্ৰাথমিক শিক্ষা বিষয়াই বিদ্যালয়খন বুঢ়াচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্য়ে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে শিক্ষা বিষয়াগৰাকীয়ে কোনো আলোচনা কৰা নাছিল । বিষয়াগৰাকীৰ এই সিদ্ধান্তক অগ্ৰাহ্য কৰাৰ লগতে উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকল ৷
প্ৰয়োজন হ’লে প্ৰাথমিক বিদ্যালয়খনত তলা ওলোমাই দিয়াৰ সকীয়নি প্ৰদান কৰিছে প্ৰতিবাদী ৰাইজে । স্থানীয় ৰাইজে কোনো কাৰণতে বিদ্যালয়খন বুঢ়াচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ হ'বলৈ নিদিয়ে । প্ৰতিবাদী ৰাইজ তথা অভিভাৱক সকলৰ অভিযোগ, এই প্ৰাথমিক বিদ্যালয়খনৰ সমীপতে থকা শিশুআটি প্ৰাথমিক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী নথকাৰ পাছতো কিন্তু শিক্ষা বিভাগে ৰহস্যজনক ভাৱে এইখন বিদ্যালয়ক একত্ৰিকৰণৰ আওতাৰ পৰা আতঁৰাই ৰাখিছে ৷
ইপিনে, বুঢ়াচাপৰি মধ্য ইংৰাজী বিদ্যালয়ত নাই প্ৰয়োজনীয় শ্ৰেনীকোঠা । তদুপৰি বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷ ইফালে বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত নদীত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ এনে সময়তে ভূতৰ ওপৰত দানহ পৰাদি শিক্ষা বিষয়া গৰাকীয়ে কাৰ স্বাৰ্থত চামিলকৰণৰ সিদ্ধান্ত ল’লে, সেয়া সন্দেহৰ বিষয় বুলি উল্লেখ কৰিলে প্ৰতিবাদস্থলীত উপস্থিত অভিভাৱকসকলে ৷ কেৱল অঞ্চলটোৰ ৰাইজেই নহয় গাঁওখনৰ চৰকাৰী গাওঁবুঢ়ায়ো ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । তেওঁ কয় যে, এই প্ৰাথমিক বিদ্যালয়খন ৰাইজৰ ধনেৰে গঢ় দিয়া এখন শিক্ষা প্ৰতিস্থান ৷ ইয়াৰ পূৰ্বে বুঢ়াচাপৰি প্ৰাথমিক বিদ্যালয়খনো ধনিয়া প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰা হৈছে ৷ কিন্তু এতিয়া ধনীয়া প্ৰাথমিক বিদ্যালয়খনকো এখন মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে সংযোগ হোৱাটো তেওঁ কোনো কাৰণতে সমৰ্থন নকৰে । ক্ষুব্ধ ৰাইজে এইক্ষেত্ৰত উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ।
লগতে পঢ়ক:টীয়কত1 কোটি 12 লাখটকীয়া বাহনৰ দুৰ্দশা