ETV Bharat / state

ৰঙাপৰাত মাত্ৰ এজন শিক্ষকে চলাইছে বিদ্যালয়! - শোণিতপুৰ

শোচনীয় অৱস্থাত খেৰনীবস্তি প্ৰাথমিক বিদ্যালয় ৷ প্ৰহসনত পৰিণত শিক্ষাৰ অধিকাৰ আইন ৷ শিক্ষাবিভাগৰ অৱহেলা ৷

শোচনীয় অৱস্থাত খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়
author img

By

Published : Aug 29, 2019, 9:22 PM IST

শোণিতপুৰ,29 আগষ্টঃ শোচনীয় অৱস্থাত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয় ৷ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ এজন শিক্ষকে পাঠদান কৰিবলগা হোৱা এই বিদ্যালয়খনত নাই বিদ্যুতৰ সংযোগ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক থকা বুলি ঢাক-ঢোল বজাই আহিছে যদিও বালিপৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়ত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে । যোৱা ২৮ ফেব্ৰুৱাৰীত প্ৰধান শিক্ষিয়ত্ৰী ডালিমী দেৱীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত বিদ্যালয়খনত শিক্ষকৰ সমস্যাটিৰ উদ্ভৱ হয় । বিদ্যুতৰ সংযোগ নোহোৱা বাবে শিক্ষাৰ্থীসকলে উৎকট গৰম সহ্য কৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ৷ বিদ্যালয়খনত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ এতিয়া স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।

দুৰ্দশাৰে চলিছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়

Intro:ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকে চলাইছে পাঠদানঃ বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত শিক্ষাৰ অধিকাৰ আইনখন প্ৰসহনত পৰিণত হোৱাৰ অভিযোগ উঠিছে।এখন চৰকাৰী বিদ্যালয়ত মাত্ৰ এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হৈছে। যাৰ ফলত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হবলগীয়া হৈছে। ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক থকা বুলি ঢাক-ঢোল বজাই আহিছে যদিও বালিপৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়ত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। ইফালে বিদ্যালয়খনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে উৎকট গৰম সহ্য কৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। কাৰণ বিদ্যালয়খনত নাই বিদ্যুৎ সংযোগ। ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। উল্লেখ্য যে উক্ত বিদ্যালয়খনত মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। কিন্তু তাৰ বিপৰীতে লীলাৱতী দৈমাৰী নামৰ শিক্ষিয়ত্ৰী গৰাকীয়ে ছাত্র-ছাত্ৰীসকলক পাঠদান কৰি আহিছে। যোৱা ২৮ ফেব্ৰুৱাৰীত প্ৰধান শিক্ষিয়ত্ৰী ডালিমী দেৱী অৱসৰ গ্ৰহণ কৰাৰ পাছত বিদ্যালয়খনত শিক্ষকৰ সমস্যাটিৰ উদ্ভৱ হয়। তাৰোপৰি বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই ডেস্ক-বেঞ্চৰ সুবিধা। খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়খনত উদ্ভৱ হোৱা সমস্যা সমূহ সমাধান কৰিবলৈ স্থানীয় ৰাইজ আৰু অভিভাৱক সকলে দাবী জনাইছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.