চতিয়া, ৩১ জুলাইঃ "তেজ দিম কিন্তু মাটি নিদিও"- এই হুংকাৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ বৃহস্পতিবাৰে জামুগুৰিহাটৰ চকীঘাটত খিলঞ্জীয়া যুৱকৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাচত শুকুৰবাৰে চকীঘাটত উপস্থিত হৈ এই দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷
তেওঁ লগতে,চকীঘাটৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি খিলঞ্জীয়াৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণ কেতিয়াও সহ্য কৰা নহ’ব বুলি কয় ৷ সন্দেহযুক্ত বেদখলকাৰী লোকে খিলঞ্জীয়া মানুহক নিৰ্যাতন কৰাৰ ক্ষেত্ৰত সকলো দল সংগঠন একত্ৰিত হৈ এইবোৰ ক্ষেত্ৰত মাত মাতিবলৈ আহ্বান জনায় ৷
কোনো বেদখলকাৰীয়ে আক্ৰমণ কৰিলেই খিলঞ্জীয়াই ভূমি এৰি পলাই যাব বুলি যদি ভাবিছে তেন্তে সেয়া ভুল,বৰঞ্চ প্ৰয়োজনত সন্দেহযুক্ত লোক সকলহে ইয়াৰ পৰা পলাই যাব লাগিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷
উল্লেখ্য যে,চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিমাঞ্চলৰ চকীঘাটত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক ভুমি কেন্দ্ৰীক বিবাদ ৷ বেদখলমুক্ত মাটি আত্মসহায়ক গোট,কৃষি গোট,দল সংগঠনক বিতৰণৰ মুহূৰ্তত খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰে সন্দেহযুক্ত বেদখলকাৰীয়ে ৷ এই ঘটনাত দণ্ডাধীশৰ লগতে, আৰক্ষী বিষয়াও আঘাতপ্ৰাপ্ত হৈছিল ৷ তাৰ পাচতেই স্থানীয় খিলঞ্জীয়া যুৱকসকল একত্ৰিত হৈ খেদি পঠিয়াই সন্দেহযুক্ত লোকসকলক ৷
বৃহস্পতিবাৰৰ খিলঞ্জীয়াৰ আক্ৰমণৰ ঘটনা সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে চকীঘাটৰ শুকুৰবাৰৰ পৰিৱেশ শান্ত যদিও বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়কঃ পকীৰ পৰিৱৰ্তে বাঁহেৰে ৰেলিং সাজি দায়িত্ব সামৰিছে গড়কাপ্তানী বিভাগে