ETV Bharat / state

বিধায়ক পদ্ম হাজৰিকালৈ ‘চতিয়া ৰত্ন’ বঁটা - পদ্ম হাজৰিকা

বৃহত্তৰ চতিয়াবাসীৰ সহযোগত চতিয়া নাগৰিক সভাই বিধায়ক পদ্ম হাজৰিকাক ‘চতিয়া ৰত্ন’ উপাধি প্ৰদান কৰে ৷ মঙলবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিধায়কগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷

As-sootea-padma-hazarika-has-been-awarded-with-sooteah-ratna-award_vis_asc10017
বিধায়ক পদ্ম হাজৰিকালৈ ‘চতিয়া ৰত্ন’ বঁটা
author img

By

Published : Jan 19, 2021, 10:13 PM IST

চতিয়া,19 জানুৱাৰী: বিধায়ক পদ্ম হাজৰিকালৈ ‘চতিয়া ৰত্ন’ উপাধি ৷ বৃহত্তৰ চতিয়াবাসীৰ সহযোগত চতিয়া নাগৰিক সভাই বিধায়কগৰাকীক প্ৰদান কৰে এই উপাধি ৷ মঙলবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিধায়কগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷ বিধায়ক গৰাকীক বাসগৃহৰ পৰা শোভাযাত্ৰাৰে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ আদৰি আনি এক বিশাল সভাত চতিয়া নাগৰিক সভাই চতিয়া ৰত্ন বটা প্ৰদান কৰে ৷ পোন প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা চতিয়া ৰত্ন বঁটাৰ বাবে এইবাৰ মনোনীত কৰা হয় বিধায়ক গৰাকীক ৷

বিধায়ক পদ্ম হাজৰিকালৈ ‘চতিয়া ৰত্ন’ বঁটা

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিধায়কগৰাকীক অসমৰ বিভিন্ন সামাজিক, সাংস্কৃতিক সংস্থাই কর্মৰত্ন, কর্মশ্ৰী আদি বিভিন্ন উপাধিৰে বিভূষিত কৰিছে । চতিয়াৰ বিধায়কগৰাকীয়ে সমষ্টিটোত কর্ম সংস্কৃতিৰ জৰিয়তে দহ হেজাৰৰো অধিক নিবনুৱাক কর্মমুখী কৰি তোলাৰ লগতে কণ্যকা কৃষি পামৰ জৰিয়তে অসমৰ কৃষি-অর্থনৈতিক ক্ষেত্ৰত এক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে । এই বঁটাত আছে এখন এড়ি চেলেং চাদৰ, এখন ফুলাম গামোচা, এখন প্ৰশস্তি পত্ৰ, চতিয়া ৰত্ন লিখিত এটি বঁটা আৰু এটা পাগুৰি ৷ বঁটাটি লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে বিধায়ক গৰাকী ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা, অভিনেতা দেবানন শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক-নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.