ETV Bharat / state

Paddy Grand Harvest Programme:তেজপুৰৰ ভোজখোৱা চাপৰিত বড়ো ধান চপোৱা উৎসৱ - Crop Cutting in Tezpur

তেজপুৰৰ ভোজখোৱা চাপৰিত বড়ো ধান চপোৱা উৎসৱ ৷ এপাৰ্ট'ৰ উদ্যোগত কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ তত্বাৱধানত এই উৎসৱ ৷ বড়ো ধান চপোৱা অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷

Paddy Grand Harvest Programme
ভোজখোৱা চাপৰিত বড়ো ধান চপোৱা উৎসৱ
author img

By

Published : Jun 24, 2023, 6:07 PM IST

তেজপুৰ, 24 জুন : শনিবাৰে শোণিতপুৰত এপাৰ্ট'ৰ উদ্যোগত কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI)ৰ তত্বাৱধানত তেজপুৰৰ ভোজখোৱা চাপৰিত বড়ো ধান চপোৱা উৎসৱ অনুষ্ঠিত কৰা হয় । আদৰ্শ কৃষক কামালুদ্দিন খানৰ কৃষি পথাৰত বড়ো ধান চপোৱা অনুষ্ঠানৰ শুভাৰম্ভণি কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ।

অনুষ্ঠানতে কৃষিকাৰ্যত আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে কৃষি বিভাগে প্ৰদান কৰা বিভিন্ন আঁচনিৰ জৰিয়তে ব্যৱসায়িক দৃষ্টিভংগীৰে কৃষকসকলক কৃষিকাৰ্যত নিয়োজিত হ'বলৈ পৰামৰ্শ আগবঢ়াই বিধায়ক পৃথ্বীৰাজ ৰাভাই । অনুষ্ঠানতে জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই কৃষকসকলক কৃষি বিভাগৰ অভিলাষী আঁচনি সমূহৰ বিষয়ে উল্লখে কৰে ।

জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই জিলাখনত চলি থকা বিভিন্ন আঁচনি ক্ৰমে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NFSM), ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY), প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ইত্যাদি আচঁনিৰ বিষয়ে বিষদভাৱে বিবৰণ আগবঢ়াই ৷ লগতে কামালুদ্দিন খানৰ কৃষি পথাৰত পৰিসংখ্যা বিভাগে চলোৱা মূল্যাংকণ অনুসৰি উন্নত জাতৰ ধান VNR 2245 কেৱল ১২০ দিনতে প্ৰতি বিঘাত প্ৰায় ১১ কুইণ্টল ধান উৎপাদন হোৱা বুলি মন্তব্য কৰে জিলা কৃষি বিষয়া গৰাকীয়ে ।

ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ (IRRI)ৰ বিশেষজ্ঞ বিবেক কুমাৰে অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ-পাতি ব্যৱহাৰেৰে কিদৰে কম খৰচতে খেতিয়কে অধিক উৎপাদন কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াই । আনহাতে পথাৰত নিজেই কম্বাইন হাৰ্ভেষ্টাৰ চলাই ধান কাটি কৃষকসকলক উৎসাহিত কৰিলে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ বিধায়ক গৰাকীক সংগ দিলে শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই ।

অনুষ্ঠানত উপস্থিত থাকে পৰিসংখ্যা বিভাগৰ বিষয়া ৰঞ্জিতা দাস, কৃষি উন্নয়ন বিষয়া দীপাংকৰ বাৰিক,APART শোণিতপুৰৰ গৱেষণা কাৰিকৰী পংকজ বৰুৱা, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, আচঁনি বিষয়া ৰঞ্জিতা গোস্বামী, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশী, চমছেৰ আহমেদ, APART ৰ উদ্যান শস্য সমন্বয়ক শ্যামন্ত বৰাকে ধৰি জিলা কৃষি বিভাগ আৰু APART ৰ অন্যান্য বিষয়ববীয়াসকল ।

লগতে পঢ়ক:PM Modi Egypt Visit : ইজিপ্ত হৈছে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থান; ইজিপ্তত ভাৰতীয় ৰাষ্ট্ৰদূত অজিত গুপ্তে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.