তেজপুৰ,২০ নৱেম্বৰ: ওৰাঙৰ দুৰ্ঘটনাত নিহত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তিংকু বৰা ৷ শোকাকুল পৰিৱেশ তেজপুৰৰ বৰঝাৰ গাঁৱৰ বৰযাত্ৰী নয়ন বৰাৰ ঘৰৰ লগতে 8 টা পৰিয়ালত ৷ কইনা আনিবলৈ তেজপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ গৈছিল নয়ন বৰাৰ 8 জন বন্ধু এখন আৰ্টিগা (AS-12V-9333) গাড়ীৰে ৷ নিশা কইনাৰ ঘৰৰ পৰা উভতি আহিছিল দৰা গাড়ীৰ পিছে পিছে ৷ কিন্তু দুৰ্ভগীয়া বন্ধু কেইজন উভতি ঘৰ নাপালেহি ৷ বুধবাৰে পুৱতি নিশা ওদালগুৰি ওৰাঙৰ গেলাবিলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত 8 জনৰে মৃত্যু হয় ৷ বাইহাটাৰ পৰা তেজপুৰ অভিমুখে আহি থকা তেওঁলোকৰ আৰ্টিগা বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা AS-12B 2022 নম্বৰৰ এখন ট্ৰাকত খুণ্ডা মৰাৰ ফলত 8 জনৰে মৃত্যু হয় ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক সাবটি লয় আঠজনকৈ যাত্ৰীয়ে ৷ নিহত কেইজনৰ ভিতৰত তিংকু বৰা তেজপুৰৰ মিলনপুৰৰ বাসিন্দা আছিল ৷ তেওঁ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল আছিল ৷
লগতে চাওকঃগোলাঘাটত ড্ৰাগছ আসক্ত যুৱক আটক