ETV Bharat / state

তেজপুৰৰ খলিহামাৰিত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ - Drugs smuggling in Assam

ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ (Drugs smuggling in Assam)। আৰক্ষীৰ গুলীয়েও যেন স্তব্ধ কৰিব পৰা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ গতি । এইবাৰ শোণিতপুৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক ।

drugs seized in sonitpur
তেজপুৰ খলিহামাৰিত মাৰাত্মক ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
author img

By

Published : Mar 23, 2022, 1:22 PM IST

তেজপুৰ, ২৩ মাৰ্চ: শোণিতপুৰ আৰক্ষীৰ চকুত ধূলি দি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰি আছে শোণিতপুৰ জিলাত(Drugs smuggling in Sonitpur) । সেয়া যেন পুনৰ প্ৰমাণিত । তেজপুৰ সদৰ আৰক্ষীৰ অধীনত চলা এক অভিযানত বৰঘাটৰ এটা দলে আব্দুল কাচেম নামৰ এজন লোকৰ পৰা ৩.২৩ গ্ৰামৰ মাৰাত্মক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized in Sonitpur)।

drugs seized in sonitpur
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কাচেম

জুৰগড় খালৈবিল অঞ্চলত অবৈধ মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে ৩৬ টা সৰু সৰু ভৰ্তি কন্টেইনাৰত ড্ৰাগছ ভৰাই ব্যৱসায় আৰম্ভ কৰিছিল অভিযুক্তই । ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীৰ দলটোৱে (One nabbed with drugs in Sonitpur)।

উল্লেখযোগ্য যে, তেজপুৰ চহৰৰ উত্তৰ পাৰত এনে বহু ঠাইত সৰু সৰু দোকান আৰু গাঁও অঞ্চলত এনেদৰেই ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে আহিছে স্থানীয় লোকৰ দ্বাৰা ।

উল্লেখ্য যে, অসম আৰক্ষীয়ে নিৰন্তৰভাৱে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ বহু সময়ত ড্ৰাগছ ব্যৱসায়ীলৈ গুলী চলাব লগীয়াও হৈছে আৰক্ষীয়ে ৷ প্ৰায় প্ৰতিদিনেই ৰাজ্যখনত ড্ৰাগছ জব্দ হোৱাৰ লগতে কৰায়ত্ব হৈছে সৰবৰাহকাৰী ৷ কিন্তু ড্ৰাগছৰ এই শিকলিডাল যেন এতিয়াও চিঙি পেলাব পৰা নাই আৰক্ষীয়ে ৷ ড্ৰাগছৰ শিপাডাল সমগ্ৰ ৰাজ্যতেই ব্যাপকভাৱে বিস্তাৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.