ETV Bharat / state

গুণোৎসৱ : দৰং মহাবিদ্যালয়ত বাহ্যিক মূল্যায়কৰ প্ৰশিক্ষণ - Gunotsav 2024

Gunotsav 2024 in Sonitpur : ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ ৷ চলিত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলাৰ 1,105 খন বিদ্যালয়ৰ 1 লাখ 31 হেজাৰ 207 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব ৷

Gunotsav 2024 in Sonitpur
গুণোৎসৱৰ দ্বিতীয় পৰ্যায়
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:44 PM IST

তেজপুৰ, 4 জানুৱাৰী : ৰাজ্যখনৰ চলিত পঞ্চম পৰ্যায়ৰ গুণোৎসৱত শোণিতপুৰ জিলাৰ 1,105 খন বিদ্যালয়ৰ 1 লাখ 31 হেজাৰ 207 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু জিলাখনৰ গুণোৎসৱৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে জিলা শিক্ষা বিভাগৰ জৰিয়তে ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে চলিত গুণোৎসৱৰ দ্বিতীয় পৰ্যায় 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ৷

Gunotsav 2024 in Sonitpur
শোণিতপুৰ জিলাত গুণোৎসৱৰ প্ৰস্তুতি

এই গুণোৎসৱৰ বাবে শোণিতপুৰ জিলা শিক্ষা বিভাগে তেজপুৰৰ দৰং মহাবিদ্যালয়ত বাহ্যিক মূল্যায়কৰ প্ৰশিক্ষণ সমাপ্ত কৰে যদিও 5 জানুৱাৰীত জিলা আয়ুক্তকে ধৰি জিলাখনৰ সকলো প্ৰশাসনিক বিষয়াক লৈ অন্তিমটো প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰিব ৷ উল্লেখ্য যে জিলাখনৰ এই গুণোৎসৱৰ বাবে ডায়েটৰ দুগৰাকী শিক্ষক, শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ দুগৰাকী, মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকসহ সৰ্বমুঠ 9 গৰাকীকৈ মাষ্টাৰ্ছ ট্ৰেইনাৰে কেবাটাও পৰ্যায়ত বাহ্যিক মূল্যায়ক আৰু নডেল শিক্ষক সকলক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰি পৰীক্ষা পৰিচালনাৰ বাবে সাজু কৰি তুলিছে ৷

জিলাখনত দুদিনীয়া এই গুণোৎসৱ পৰিচালনা কৰিবৰ বাবে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত তথা সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ সমন্বয়ক কবিতা কাকতি কোঁৱৰৰ নেতৃত্বত দুগৰাকী নডেল বিষয়া ক্ৰমে ৰমেন মেধি আৰু মনোজ গোহাঁইৰ লগতে শিক্ষা বিভাগৰ 120 গৰাকী বিষয়াৰ উপৰি 558 গৰাকী বাহ্যিক মূল্যায়ক সম্প্ৰতি নিযুক্ত হৈ তৎপৰতা আৰম্ভ কৰিছে ৷ এই 558 গৰাকী বাহ্যিক মূল্যায়কৰ ভিতৰত ওদালগুৰি জিলাৰ 100 গৰাকী, নগাওঁ জিলাৰ 100 গৰাকীৰ বিপৰীতে বাকী সকল কলেজ শিক্ষক আৰু জিলাখনৰ চৰকাৰী বিষয়াক নিয়োগ কৰি ইতিমধ্যে চাৰিটা পৰ্যায়ত প্ৰশিক্ষণ সমাপ্ত কৰি তুলিছে ৷

Gunotsav 2024 in Sonitpur
বাহ্যিক মূল্যায়কৰ প্ৰশিক্ষণ

ইতিমধ্যে জিলাখনৰ এই গুণোৎসৱ অতি নিয়াৰিকৈ যাতে সম্পন্ন হয় তাৰ বাবে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই নিজেই বহুকেইটা প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকি ইয়াৰ বাবে জড়িত বিষয়া-কৰ্মচাৰী সকলক নিষ্ঠাৰে জড়িত হ'বলৈ আহ্বান জনাইছে ৷ আনহাতে ইয়াৰ সমান্তৰালকৈ জিলাখনৰ বিদ্যালয় সমূহেও এই গুণোৎসৱত অৱতীৰ্ণ হৈ সুন্দৰ ফল লাভৰ আশাৰে শিক্ষাৰ্থী সকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তুলিবলৈ নিজা নিজা তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে পূৰ্বৰ দৰে এইবাৰো নিজ বিদ্যালয়ৰ শিক্ষক সকলে আন বিদ্যালয়ত কৰ্তব্য সম্পাদন কৰিব লাগিব যদিও কৰ্তব্যত নিয়োজিত হ'লেও মূল পৰীক্ষাৰ দিনটোত অকল প্ৰধান বা অধ্যক্ষসকল, সহকাৰী প্ৰধান আৰু নডেল শিক্ষক গৰাকীৰ বাহিৰে আন কোনো শিক্ষক সেই নিৰ্দিষ্ট দিনটোত নিজৰ বিদ্যালয়ত উপস্থিতি থাকিব নোৱাৰিব ৷

লগতে পঢ়ক : বিহুৰ পিচতে অসমত ৮ দিন কটাব ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.