তেজপুৰ,১৮ অক্টোবৰঃ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অসম ৰাইফলছ আৰু এন.এছ.চি.এন(কে-ৱাই)ৰ সদস্যৰ মাজত হোৱা এক মুখামুখি সংঘৰ্ষত এন উগ্ৰপন্থী সংগঠনটোৰ এজন চাৰজেন্ট মেজৰ মৃত্যু । গানজম WANGSHO(30) নামৰ মৃত উগ্ৰপন্থীজন লংডিং জিলাৰ লংকাই গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে ।
অসম ৰাইফলছ টিৰাপৰ খুনছাৰ 6নং বেটেলিয়ান আৰু লংডিং আৰক্ষীয়ে চলোৱা এই অভিযানত লোকজনৰ সংঘৰ্ষ স্থলীতে মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । মৃত উগ্ৰপন্থীজনৰ পৰা অস্ত্ৰ, গুলি বাৰুদ আৰু বহু আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰে। ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ