ETV Bharat / state

তেজপুৰৰ ব্যপ্টিষ্ট খ্ৰীষ্টিয়ান হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাননী জাৰি জিলা দণ্ডাধীশৰ

author img

By

Published : Apr 9, 2020, 7:40 PM IST

তেজপুৰৰ ব্যপ্টিষ্ট খ্ৰীষ্টিয়ান হাস্পাতালত চিভিয়াৰ একিউট ৰেস্পিৰেটৰী ইনফেক্সনৰ লক্ষণসহ এগৰাকী ৪৪ বছৰীয়া লোকক ভৰ্তি কৰোৱা হৈছিল যদিও, কিছু সময় পিচতে মৃত্যু হয় লোকজনৰ । ব্যক্তিগৰাকীৰ যাৱতীয় যতন ল'ব নোৱাৰাৰ অভিযোগত চিকিৎসা সঞ্চালকক এই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে শোণিতপুৰ জিলা দণ্ডাধীশে ।

notice against the administration of tezpur baptist hospital by district juctice

তেজপুৰ, 9 এপ্ৰিলঃ স্বাস-প্ৰশ্বাসজনিত কোনো সমস্যাত ভুগি থকা এগৰাকী ব্যক্তিৰ যাৱতীয় যতন ল'ব নোৱাৰাৰ ফলত বৃহস্পতিবাৰে, তেজপুৰৰ ব্যপ্টিষ্ট খ্ৰীষ্টিয়ান হাস্পতালৰ চিকিৎসা সঞ্চালকক এই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে, শোণিতপুৰ জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে । যোৱা 7 এপ্ৰিলত চিভিয়াৰ একিউট ৰেস্পিৰেটৰী ইনফেক্সনৰ লক্ষণসহ এগৰাকী ৪৪ বছৰীয়া লোকক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত । কিন্তু তাৰ কিছু সময় পিচতে চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ । উল্লেখ্য যে, বৰ্তমান ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী অনুযায়ী চিভিয়াৰ একিউট ৰেস্পিৰেটৰী ইনফেক্সন (SARI)ৰ লক্ষণ দেখা দিয়া সকলো ৰোগীকে, COVID-19ৰ বাবে পৰীক্ষা কৰাটো বাধ্যতামূলক ।

কিন্তু জানিব পৰা মতে, এইগৰাকী ৰোগীৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই অসম চৰকাৰে এই ৰোগৰ চিকিৎসাৰ বাবে বিশেষভাৱে নিৰ্ধাৰণ কৰা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ নকৰাৰ ফলত, কৰ্তব্যত গাফিলতিৰ অভিযোগত দণ্ডাধীশগৰাকীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

লগতে পঢ়কঃ শিৱসাগৰত ৰফিকুল হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.