তেজপুৰ, ১ আগষ্ট: ‘‘মণিপুৰৰ দুই জনগোষ্ঠীৰ মাজত হোৱা হিংসাৰ আঘাত বৰ ‘দ’, এই আঘাত সমন্বয়ৰ মাজৰে সদভাৱ আনিব লাগিব । মণিপুৰৰ ৰাইজ অকলশৰীয়া নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজ মণিপুৰৰ লগত আছে ’’, এই মন্তব্য উত্তৰ-পূব ছাত্ৰ সংগঠনৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷
![Manipur Violence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-08-2023/19155316_1.jpg)
মঙলবাৰে মণিপুৰত মেইটেই জনগোষ্ঠীৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বাৰ্তালাপত ড৹ ভট্টাচাৰ্যই কয় যে কাইলৈ অৰ্থাৎ বুধবাৰে চুৰাচান্দপুৰত থকা কুকি জনগোষ্ঠীৰ আশ্ৰয় শিবিৰত পৰিদৰ্শন কৰি ছাত্ৰ সংগঠনটোৱে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰিব ।
![Manipur Violence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-08-2023/as-tezpur-03-1aug-pix-neso-pranabkumardas-7203907_01082023185522_0108f_1690896322_131.jpg)
তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিন মণিপুৰত থাকিল কিন্তু একো সমাধান আনিব নোৱাৰিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি অৱশেষত কিছু কথা কৈছে ৷ কিন্তু চৰকাৰৰ দায়িত্ব নিৰৱচ্ছিন্নভাৱে শান্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা । চৰকাৰৰ দায়িত্ব আছে আৰু বৰ্তমান সমাজৰ অংশীদাৰ হিচাবে পৰস্পৰৰ মাজত বাৰ্তালাপ কৰাৰ প্ৰয়োজন আছে ৷ মই চৰকাৰৰ ব্যৰ্থতাক লৈ বোকা চটিয়াব বিচৰা নাই বুলিও তেওঁ কয় ।
হিংসাজৰ্জৰিত মণিপুৰত আজি উত্তৰ-পূব ছাত্ৰ সংগঠন (NESO) ৰ এটা দলে সম্প্ৰীতিৰ বাৰ্তা লৈ দুইটা জনগোষ্ঠীৰ মাজত বাৰ্তালাপ কৰিব । ইতিমধ্যে ঘটনাৰ পিচতেই নেছ’ৰ দুটা দলে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বার্তাৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি ভট্টাচাৰ্যই কয় ।
তেওঁ কয় যে মণিপুৰৰ মেইটেই আৰু কুকিকে ধৰি সকলো জনগোষ্ঠীৰ মাজত সদ্ভাৱনা সৃষ্টি কৰাৰ উদ্দেশ্যে উত্তৰ-পূৱ ছাত্ৰ সংগঠন (নেছ’) আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন, নাগালেণ্ড ছাত্ৰ সন্থা আৰু অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ দলটো মণিপুৰলৈ ৰাওনা হয় আৰু দুটা আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ লগত সদ্ভাৱ ঘূৰাই অনাৰ বাবে বার্তালাপ কৰে ।
ছাত্ৰ সংগঠনৰ দলটো আজি গুৱাহাটীৰ পৰা বিমানযোগে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় । পোনে পোনে দলটোৱে আশ্ৰয় শিবিৰলৈ গৈ লোকসকলৰ মাজত বাৰ্তা আৰম্ভ কৰে ।
ছাত্ৰ সংগঠনৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে উত্তৰ পূব ছাত্ৰ সন্থাৰ অধ্যক্ষ চেমুৱেল জেৰচনৰ লগত এটা দল বৰ্তমান মণিপুৰৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ আলোচনা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াসকলক NSAত গ্ৰেপ্তাৰৰ দাবী আছুৰ