ETV Bharat / state

ৰঙাপৰাত 117 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 2 গৰাকী শিক্ষক - ৰঙাপাৰাৰ মইনাজুলি চাহ বাগান ১৫ নং লাইন প্ৰাথমিক বিদ্যালয়

ৰঙাপৰাত শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত ৷ মইনাজুলি প্ৰাথমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শ্ৰেণীকোঠা ৷ মুকলি আকাশৰ তলত বহি ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ ৷ বিদ্যালয়খনত মুঠ ১৭৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ২ গৰাকী শিক্ষক ৷

no basic education facilities in moinajuli lp school
ৰঙাপৰাত শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ফোপোলা স্বৰূপঃ মইনাজুলি প্ৰাথমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শ্ৰেণী কোঠা
author img

By

Published : Apr 7, 2021, 6:16 PM IST

ৰঙাপৰা,7 এপ্ৰিল: শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এখন চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে আজিও মুকলি আকাশৰ তলতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ৷ বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণীকোঠা । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক । ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগটোৱে বিদ্যালয় সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই অহাৰ সময়তে ৰঙাপৰাৰ মইনাজুলি চাহ বাগানৰ ১৫ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কেতিয়াবা বিদ্যালয়খনৰ বাৰান্দাত আৰু কেতিয়াবা গছৰ তলত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছ । ধূলাপাদুং চাহ বাগিচাৰ অন্তৰ্গত মইনাজুলি শাখাত ২০০৪ চনত এই প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰা হৈছিল । দুটা শ্ৰেণীৰ কোঠাৰে সংলগ্ন বিদ্যালয়খনৰ পকী ভৱনটো নিৰ্মাণ কৰিছিল ৰাজ্য চৰকাৰে ।

সম্প্ৰতি উক্ত বিদ্যালয়খন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে । বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, শৌচাগাৰ-প্ৰস্ৰাৱগাৰ, ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই ডেস্ক-বেঞ্চ, নাই বিদ্যুতৰ সু-ব্যৱস্থা । উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন হ’ল যদিও উন্নত নহ’ল ৰাজ্য়ৰ শিক্ষা ব্যৱস্থা ৷

ৰঙাপৰাত শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

বিদ্যালয়খনত ১৭৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ২ গৰাকী শিক্ষক । কিছু নিলগৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত ডেস্ক-বেঞ্চ নথকাৰ বাবেই মাটিত বহিয়েই পাঠগ্ৰহণ কৰিবলগীয়া হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম শ্ৰেণীত ৩৫ জন, দ্বিতীয় শ্ৰেণীত ৪২ জন, তৃতীয় শ্ৰেণীত ৪২ জন, চতুৰ্থ শ্ৰেণীত ২৮ জন আৰু পঞ্চম শ্ৰেণীত ৩১ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । বিদ্যালয়খনত প্ৰধান শিক্ষক হিচাপে দীপক ৰায় আৰু সহকাৰী শিক্ষয়িত্ৰী হিচাপে মৌচুমীয়ে শিক্ষকতা কৰি আছে ।

লগতে পঢ়ক : কেক কাটি বিজেপিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.