ETV Bharat / state

সুদীৰ্ঘ ২২ বছৰে নিৰ্মাণ নহ'ল মিছামাৰীৰ বেলশিৰি নদীৰ ওপৰত থকা দলং - ৰঙাপৰা

সাধাৰণ ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলৰ প্ৰতি ক্ষুন্ন হৈ উঠিছে শোণিতপুৰ জিলাৰ মিছামাৰীবাসী। দলংখন পুনৰ নিৰ্মাণ কৰাৰ বিপৰীতে আৰম্ভণিৰ পৰা একাংশ ৰাজনৈতিক দলে কেৱল ৰাজনীতি কৰি আহিছে বুলি অভিযোগ উত্থাপন সাধাৰণ ৰাইজৰ

সুদীৰ্ঘ ২২ বছৰে এখন দলং নিৰ্মাণ নহ'ল
author img

By

Published : Apr 4, 2019, 3:24 PM IST

ৰঙাপৰা,৪ এপ্ৰিলঃ পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু যায় কিন্তু ৰাইজৰ সমস্যাবোৰ সমস্যা হৈ থাকি যায়, ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীবাসী । কাৰণ সুদীৰ্ঘ ২২ বছৰে এখন দলং নিৰ্মাণ নহ'ল মিছামাৰী অঞ্চলৰ বেলশিৰি নদীৰ ওপৰত। উপায়হীন হৈ বাৰিষাত টুলুঙা নাও আৰু খৰালিত বাঁহৰ সাঁকো নিৰ্মাণ কৰি নদীখন ইপাৰ-সিপাৰ হৈ আহিছে মিছামাৰীবাসীয়ে ।

সুদীৰ্ঘ ২২ বছৰে এখন দলং নিৰ্মাণ নহ'ল

উল্লেখ্য যে,১৯৯৮ চনত বাৰিষাৰ প্ৰলয়ংকৰী বানে গড়কাপ্তানী পথৰ বেলশিৰি নদীৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই নিয়াৰ পাছৰে পৰা অঞ্চলবাসী বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে । উল্লেখ্য যে ভগ্ন দলংখনক নিৰ্বাচনী বিষয় হিচাপে লৈ তেতিয়াৰ পৰা বৰ্তমানলৈকে পঞ্চায়ত, বিধানসভা আৰু লোকসভাৰ কেইবাটাও নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিছে জনপ্ৰতিনিধিসকলে। পুনৰ লোকসভা নিৰ্বাচন কাষ চাপিলে কিন্তু এই পৰ্যন্ত দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনেও গুৰুত্ব প্ৰদান নকৰিলে । জানিব পৰা মতে, পূৰ্বৰ দৰে এইবাৰো এই বিষয়টোকে লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু দলীয় কৰ্মীসকলে নিৰ্বাচনী কুচ-কাৱাজ চলাইছে ।

Intro:নিৰ্বাচন আহে আৰু যায় কিন্তু সমস্যা সমস্যাহে সমাধান নহয়ঃ মিছামাৰীৰ বেলশিৰি নদীৰ ওপৰত ২২ বছৰে নহ’ল দলং।Body:ৰঙাপৰাঃ পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু গুচি যায়। কিন্তু ৰাইজৰ সমস্যা সমূহ সমাধান নোহোৱাত ক্ষুব্ধ হৈ পৰিছে। ভোটাৰ ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধি সকলো ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব নকৰাৰ অভিযোগ উঠিছে।শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ বেলশিৰি নদীৰ ওপৰত থকা বাঁহবেৰা- বালিগাঁৱৰ মাজত আজিও এখন দলং নিৰ্মাণ নহল।১৯৯৮ চনত বাৰিষাৰ প্ৰলয়কাংৰী বানে গড়কাপ্তানী পথৰ বেলশিৰি নদীৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই নিয়াৰ পাছৰে পৰা ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছ। দলংখন পুনৰ নিৰ্মাণ কৰাৰ বিপৰীতে আৰম্ভণিৰ পৰা একাংশ ৰাজনৈতিক দলে কৰি আহিছে কেৱল ৰাজনীতি ৷ উল্লেখ্য যে ভগ্ন দলংখনক ইচ্ছ্যু কৰি তেতিয়াৰ পৰা বৰ্তমানলৈকে পঞ্চায়ত, বিধানসভা আৰু লোকসভাৰ কেইবাটাও নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ পুনৰ লোকসভা নিৰ্বাচন-২০১৯ সমাগত।দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনেও গুৰুত্ব প্ৰদান নকৰিলে। পূৰ্বৰ দৰে এইবাৰো নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু দলীয় কৰ্মীসকলে উক্ত দলংখনক ইচ্ছ্যু হিচাপে লৈ পুনৰ ভোটৰ ৰাইজৰ পৰা ভোট আদায় কৰিবলৈ কুচকাৱাজ চলাই থকাৰ বাতৰি পোৱা গৈছে।বাঁহবেৰা-বালিগাঁৱ সংযোগী দলংখন বছৰৰ পাছত বছৰ ধৰি নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকূল ভাৱে যাতায়ত কৰি আহিছে। বেলশিৰি নদীৰ ওপৰত থকা উক্ত দলঙৰ অভাৱত ৰাইজ দীৰ্ঘদিনৰ পৰা যমৰ যন্ত্ৰণা ভুগি আহিছে আৰু উপাহীন হৈ বাৰিষাত টুলুঙা নাও আৰু খৰালিত বাঁহৰ সাঁকো নিৰ্মাণ কৰি নদীখন ইপাৰ-সিপাৰ হৈ আহিছে। ইমানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ, জনপ্ৰতিনিধি, ৰাজ্য চৰকাৰে চকু মুদা কুলিৰ ভাও ধৰি আহিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.