ETV Bharat / state

বুম-লাৰ সীমান্তত চীনে স্থাপন কৰা গাঁও সন্দৰ্ভত নিনং এৰিঙৰ প্ৰতিক্ৰিয়া - স্থাপন

পুনৰ ভাৰতভূমিত ৰঙা চীনৰ শেন চকু ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ বুম-লাৰ সমীপত চীনৰ তিনিখন নতুন গাঁও স্থাপন ৷ বিষয় সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ, বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙৰ প্ৰতিক্ৰিয়া ৷

Ning Ering's Reaction to a Chinese Settlement Village on the Boom-Lar Border
বুম-লাৰ সীমান্তত চীনে স্থাপন কৰা গাঁও সন্দৰ্ভত নিনং এৰিঙৰ প্ৰতিক্ৰিয়া
author img

By

Published : Dec 7, 2020, 10:02 PM IST

তেজপুৰ, 7 ডিচেম্বৰ : চীনে পুনৰ ভাৰতৰ সীমান্তত স্থাপন কৰিলে 3 খনকৈ নতুন গাঁও । এই ঘটনা পশ্চিম অৰুণাচল প্ৰদেশৰ বুম-লাৰ সমীপৰ । সম্প্ৰতি পোহৰলৈ আহিছে চেটেলাইটযোগে প্ৰকাশ পোৱা কিছু ছবি । এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ, বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙয়ে এক টুইট কৰি কয় যে, চীনে সীমান্তত স্থাপন কৰা 3 খন গাঁৱৰ এক উচিত প্ৰত্যুত্তৰ দিব অৰুণাচল প্ৰদেশৰ জনসাধাৰণয়ে ৷ লগতে, তেওঁ টুইটাৰযোগে প্ৰধানমন্ত্ৰীক সমগ্ৰ ঘটনা অৱগত কৰে বুলি জানিব পৰা গৈছে ৷

Ning Ering's Reaction to a Chinese Settlement Village on the Boom-Lar Border
বুম-লাৰ সীমান্তত চীনে স্থাপন কৰা গাঁও সন্দৰ্ভত নিনং এৰিঙৰ প্ৰতিক্ৰিয়া

ইফালে, পশ্চিম অঞ্চলৰ তাৱাঙৰ বুম-লাৰ ওচৰত চীনৰ 3 খন নতুন গাঁও স্থাপন কৰা বুলি জানিব পৰা গৈছে যদিও চৰকাৰীভাৱে এই তথ্য স্বীকাৰ কৰা নাই প্ৰতিৰক্ষা বিভাগৰ পৰা ৷ ইতিমধ্যে, চীনাসকলে চীনৰ মানচিত্ৰত 65,000 বৰ্গ কিলোমিটাৰ ভূমি অন্তভুৰ্ক্ত থকাৰ দাবী কৰিছে ৷ এই সম্পৰ্কত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধনে ঘটনা সন্দৰ্ভত সবিশেষ তথ্য তদন্ত হোৱাৰ পিচতহে ব্যক্ত কৰিব বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে, চীনে সীমান্তৰ অসমৰ তেজপুৰ সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় 415 কিলোমিটাৰ আঁতৰৰ বুম-লাৰ 'মেক-মোহন' লাইনৰ ঠিক পিচফালে লোকসকলক সংস্থাপন কৰা বুলি জানিব পৰা গৈছে ৷ উক্ত অঞ্চল যাতায়তৰ বাবে যথেষ্ট অনুপযোগী যদিও চীনে নিৰ্মাণ কাৰ্য চলাই থকা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, এই তিনিকোণীয়া অৱস্থানত ভাৰত-চীন-ভূটান পশ্চিম অৰুণাচল প্ৰদেশত । বুম-লাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত এই গাঁও তিনিখন স্থাপন কৰা হৈছে । চীনে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চল তেওঁলোকৰ নিজৰ বুলি দাবী কৰি আহিছে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

আনহাতে, চীনে এক নতুন কৌশল অৱলম্বন কৰিছে কাৰণ সীমান্তত চীনা আৰু তিব্বতৰ লোকক স্থাপন কৰি ভাৰতৰ সীমান্তত আগ্ৰাসন আৰু অনুপ্ৰৱেশৰ এক নতুন স্থিতি গ্ৰহণ কৰিব পাৰে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । চীনৰ দক্ষিণ দিশত কিছুমান মাছমৰীয়া, সাধাৰণ গাঁৱৰ লোকক স্থাপন কৰি হিমালয়ৰ পাদদেশৰ অঞ্চলত ভাৰতীয় সেনাৰ তহলদাৰীক বিভ্ৰান্ত কৰি অনুপ্ৰৱেশৰ সুবিধা গ্ৰহণ কৰিব বিচৰাটো নুই কৰিব নোৱাৰি । এক সপ্তাহৰ পূৰ্বে অহা কিছু চেটেলাইট চিত্ৰত পোহৰলৈ আহিছিল যে, ভূটান সীমান্তৰ অন্তৰ্ভুক্ত আৰু ডকলামৰ চীনা সৈন্যৰ লগত 2017 চনত মুখামুখি হোৱা অঞ্চলৰ পৰা 7 কিলোমিটাৰ দূৰত্বত চীনে গাঁও স্থাপন কৰিছিল আৰু তাৰ পিচত এতিয়া 1962 চনৰ যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ সমীপৱৰ্তী অঞ্চলত ।

লগতে পঢ়ক : ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.