তেজপুৰ, 3 মে': অসম অৰুণাচল প্ৰদেশৰ সীমান্তত শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত 20 টা স্তন্যপায়ী প্ৰজাতিৰ অৱস্থিতিৰ তথ্য লাভ কৰা হৈছে ৷ কেমেৰা ট্রেপিংৰ জৰিয়তে এই তথ্য লাভ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই । মঙলবাৰে অসম চৰকাৰৰ বন বিভাগৰ শোণিতপুৰ জিলাৰ পশ্চিম বন্যপ্ৰাণী সংমণ্ডলৰ নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চল ক্ষেত্ৰ সঞ্চালকে এই তথ্য প্ৰকাশ কৰিছে (Mammal Species found in Assam’s Wildlife Sanctuary) ।
সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে প্ৰথমটো পদ্ধতিগত কেমেৰা ট্ৰেপিং জৰীপ চলাইছিল 2022 চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈকে । উল্লেখ্য যে, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অঞ্চলটোৱে নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ মূল অংশ সংযোগ কৰে । এই বন্যপ্ৰাণী অভয়াৰণ্য মুঠ 220 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত । ই গ্ৰেট হিমালয়ান ৰেঞ্জৰ পাদদেশত অৱস্থিত (Sonai Rupai Wildlife Sanctuary in Sonitpur) ।
তেজপুৰ চহৰৰ পৰা 52 কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা 232 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলটো 1998 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ৷ অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ 10 টা পৰিয়ালৰ অন্তৰ্গত মুঠ 20 টা স্তন্যপায়ী প্ৰজাতিৰ তথ্য পোৱা গৈছে কেমেৰাৰ ট্রেপিঙৰ জৰিয়তে । বন বিভাগৰ তালিকাত অন্তৰ্ভুক্ত হোৱা স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত নাহৰফুটুকী, ক্লাউডেড নাহৰফুটুকী, বন্য কুকুৰ, সোণালী শিয়াল, এছিয়ান হাতী, ভাৰতীয় গৌৰ, হালধীয়া ডিঙিৰ মাৰ্টিন, বিন্টুৰঙকে ধৰি আৰু বহুতো নতুন প্ৰজাতিৰ জীৱ-জন্তুৰ সম্ভেদ পোৱা গৈছে বুলি জানিবলৈ দিয়ে ।
এই বিষয়ে ইতিমধ্যে এক বিশদ তালিকা বন বিভাগে মুকলি কৰিছে ৷ 'বাঘৰ অৱস্থা, 2016' ৰ চতুৰ্থ পৰ্যায়ৰ নিৰীক্ষণৰ অংশ হিচাবে এই সমীক্ষা চলোৱা হৈছিল । জৰীপটোৰ ডিজাইন আৰু ৰূপায়ণ কৰিছিল বন বিষয়া আৰু নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ-কৰ্মীসকলে । জৰীপটোৱে জৈৱ বৈচিত্ৰ্যৰ মূল্যৱান তথ্য প্ৰদান কৰে আৰু ই সোণাই-ৰূপাই সংৰক্ষিত বনাঞ্চলত ভৱিষ্যতৰ সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰিব বুলি আশা কৰা হৈছে ।
জানিবলৈ পৰা মতে জৰীপৰ প্ৰাৰম্ভিক প্ৰতিবেদন অসমৰ মুখ্য বন্যপ্ৰাণী অধ্যক্ষক দাখিল কৰা হ'ব আৰু নামেৰী টাইগাৰ ৰিজাৰ্ভে এই জৰীপ সন্দৰ্ভত বিশদ প্ৰতিবেদন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে ।
লগতে পঢ়ক : Ramsar Site Deepor Beel : দীপৰ বিল সংৰক্ষণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী