তেজপুৰ,৫ মে’: অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ দ্বিতীয় সংক্ৰমণ । বুধবাৰৰ দিনটোলৈকে ৰাজ্যত ২৮,০৬০ গৰাকী লোক নতুনকৈ কৰণাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতেই আক্ৰান্তৰ সংখ্যা সৰ্বাধিক । এদিনতে সৰ্বাধিক 31 গৰাকী আক্ৰান্তৰ মৃত্যু হোৱাৰ তথ্যও পোৱা গৈছে । ইফালে ৰাজ্যত ১,৪৩০ গৰাকী লোকে ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ।
ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাতো আক্ৰান্ত হৈছে বহু লোক ৷ প্ৰতিদিনে এজনকৈ আক্ৰান্তৰ মৃত্যু হৈ অহা জিলাখনত বুধবাৰে ২ জন আক্ৰান্তৰ মৃত্যু হোৱা তথ্য প্ৰশাসনে সদৰী কৰিছে । ইটাখোলা বালিজুৰীৰ ৰুদ্ৰ মায়া নেৱাৰ আৰু ঢেকীয়াজুলিৰ সত্যৰঞ্জন দত্ত নামৰ দুজন লোকৰ মৃত্যু ঘটিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ।
আনহাতে জিলাখনত মঙলবাৰে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিছে ৩,২০৩ গৰাকী লোকে ৷ জিলাখনত সৰ্বমুঠ ৯৭,৪২০ গৰাকী লোকে প্ৰথমটো ভেকচিন লোৱাৰ বিপৰীতে ২৮,২৩৬ গৰাকীয়ে গ্ৰহণ কৰিছে ভেকচিনৰ দ্বিতীয়টো ড’জ ৷ ইয়াকে লৈ জিলাখনত ভেকচিন গ্ৰহণকাৰীৰ সংখ্যা হৈছে মুঠ ১,২৫,৬৫৬ গৰাকী । শেহতীয়াকৈ শোণিতপুৰ জিলাৰ আঞ্চলিক ভেকচিন সংৰক্ষণ কেন্দ্ৰলৈ ২৫ হাজাৰ ক’ভিশিল্ড আৰু ৫ হাজাৰ ক’ভাক্সিন অহাৰ বিপৰীতে ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সলৈ দিব লগা নতুন ভেকচিন এই পৰ্যন্ত আহি পোৱা নাই বুলি জনালে জিলাখনৰ স্বাস্থ্য বিভাগে ।
উল্লেখযোগ্য যে, অসমত 5 মে’ৰ পৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সলৈ নতুন ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া একমাত্ৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীতহে প্ৰযোজ্য হৈছে ৷ কিন্তু অসমৰ সকলো জিলাই এই ভেকচিন কেতিয়া পাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।
মন কৰিবলগা কথা যে, জিলাখনৰ বিভিন্ন কেন্দ্ৰত ভেকচিন ল’বলৈ যোৱাৰ সময়ত কৰা পৰীক্ষাৰ সময়তো বহুতৰ দেহত ক’ভিড পজিটিভ পোৱা দেখা গৈছে । কিন্ত ইয়াৰ পিছতো স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে ভেকচিন প্ৰদান কেন্দ্ৰসমূহত ভীৰ হ্ৰাস কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এনে পৰিস্থিতিত এই ভেকচিন প্ৰদান কেন্দ্ৰসমূহৰ পৰাই গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে জিলাখনৰ সচেতন মহলে ৷
লগতে পঢ়কঃ অব্যাহত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক শীতল যুঁজখন