ETV Bharat / state

সেনা-আৰক্ষীৰ অভিযানত আটক এনডিএফবি সদস্য - আদিবাসী নৰসংহাৰ 2014

2014 চনত শোণিতপুৰৰ ঢেকিয়াজুলিত সংঘটিত আদিবাসী নৰসংহাৰৰ ঘটনাত জড়িত এগৰাকী দুৰ্ধৰ্ষ এনডিএফবি(সং)ৰ সদস্যক আটক কৰিছে সেনা-আৰক্ষীয়ে ৷ আটক হোৱা উগ্ৰপন্থী সদস্যজন চুমখৰ বড়ো ওৰফে শিৱ বসুমতাৰী ওৰফে সুজলান ৷

NDFB Cadre arrested in a combine operation by indian army and police tezpur assam etv bharat news
আটক এনডিএফবি সদস্য
author img

By

Published : Jun 15, 2020, 10:18 PM IST

তেজপুৰ,15 জুন: শোণিতপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছে এগৰাকী দুৰ্ধৰ্ষ এনডিএফবি(সং)ৰ সদস্য ৷ ধৃত সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পিষ্টলসহ গ্ৰেনেড ৷ আটক হোৱা উগ্ৰপন্থী সদস্যজন চুমখৰ বড়ো ওৰফে শিৱ বসুমতাৰী ওৰফে সুজলান ৷ 2014 চনত শোণিতপুৰৰ ঢেকিয়াজুলিত সংঘটিত আদিবাসী নৰসংহাৰৰ ঘটনাত জড়িত আছিল এইগৰাকী উগ্ৰপন্থী সদস্য ৷

আটক এনডিএফবি সদস্য

উল্লেখ্য যে, নিয়াৰ এক গোচৰত মষ্ট ৱাণ্টেড হিচাপে স্বীকৃত উগ্ৰপন্থী সদস্যগৰাকী ঢেকিয়াজুলিৰ ঘটনাত জড়িত নথকাৰ দাবী উত্থাপন কৰে ৷ বৰং উক্ত সময়ত সদস্যগৰাকী কাৰাগাৰত আৱদ্ধ আছিল বুলি প্ৰকাশ কৰে ৷ আনহাতে,উদ্ধাৰ হোৱা পিষ্টল আৰু গ্ৰেনেডটো সেই সময়তে উগ্ৰপন্থী গৰাকীৰ হাতৰ পৰা উদ্ধাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছিল বুলি স্বীকাৰোক্তি প্ৰকাশ কৰে সুজলানে ৷ উগ্ৰপন্থী গৰাকীৰ ভাষ্যক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰা পৰিলক্ষিত হৈছে ৷

সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত

লগতে চাওকঃ বাঘজান ট্ৰেজেডী : জুই নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি আহিল ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.