তেজপুৰ, 15 আগষ্ট : এগৰাকী সুন্দৰ সুঠাম অসমীয়া ডেকা ৷ সৰুৰে পৰা নৈৰ পাৰত উমলি-জামলি ডাঙৰ-দীঘল হোৱা ডেকাজন জীৱনৰ অন্তিমটো ক্ষণত বিলীন হৈ গ’ল সাগৰৰ বুকুত ৷ 2013 চনৰ 14 আগষ্টৰ দিনটোতে ‘আই এন এছ সিন্ধুৰক্ষক’ (INS Sindhu Rakshak)ৰ সৈতে সাগৰৰ বুকুত চিৰদিনলৈ শুই পৰিল তেওঁ ৷
উল্লেখ্য যে, আজিৰে পৰা 9 বছৰ পূৰ্বে অৰ্থাৎ 2013 চনৰ 14 আগষ্টৰ পুৱতি নিশাৰ ঘটনা ৷ স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুতি চলাই আছিল সমগ্ৰ দেশে ৷ কিন্তু সেই সময়তেই সংঘটিত হৈছিল এক ভয়ংকৰ অঘটন ৷ যি দুৰ্ঘটনাই স্তব্ধ কৰি গৈছিল সমগ্ৰ দেশবাসীক ৷ ভাৰতীয় নৌ সেনাৰ 'আই এন এছ সিন্ধুৰক্ষক' (INS Sindhu Rakshak) নামৰ ছাবমেৰিনখনত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ ৷ এই বিস্ফোৰণতে প্ৰাণ হেৰুৱাইছিল লখিমপুৰ নৰোত্তম দেউৰীয়ে ৷
নৰোত্তম দেউৰীৰ লগতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল শিলচৰৰ ত্ৰিমূৰ্তি সিনহা আৰু ভাৰতীয় নৌ সেনাৰ 18 গৰাকী নাবিকে ৷
লগতে পঢ়ক : 19 বছৰীয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামী খুদিৰাম বসুৰ স্মৃতি...
1992 চনৰ 24 ফেব্ৰুৱাৰীত লখিমপুৰৰ নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱত জন্মলাভ কৰিছিল নৰোত্তম দেউৰীয়ে ৷ নৰোত্তম দেউৰী আছিল জ্যোতিষ চন্দ্ৰ দেউৰী আৰু যাজ্ঞসেনী দেউৰীৰ জ্যেষ্ঠ সন্তান ৷ মাধৱদেৱ মহাবিদ্যালয়ত কলেজীয়া জীৱন আৰম্ভ কৰাৰ মাজতেই নৰোত্তমে ২০১১ চনত ভাৰতীয় নৌ-সেনাৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় ৷
ইয়াৰ পিছতে ডেৰ বছৰীয়া প্ৰশিক্ষণ সামৰি বিশাখাপট্টনমত নৌ-সেনাৰ কাৰিকৰী শাখাত যোগদান কৰে নৰোত্তমে ৷ পৰৱৰ্তী সময়ত ২০১২ বৰ্ষত মেৰাইন ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ নিজৰ সপোনৰ দিশে আগবাঢ়িছিল নৰোত্তম । কিন্তু জীৱনৰ দ্বিতীয়টো ছাবমেৰিণ যাত্ৰাই নৰোত্তমৰ জীৱনৰ অন্তিম যাত্ৰা হৈ ৰ’ল ৷
নৰোত্তম দেউৰীৰ কনিষ্ঠ ভাতৃ ডেলতন দেউৰীও এতিয়া ভাৰতীয় নৌ সেনাতে কৰ্মৰত ৷ প্ৰতিৰক্ষা বিভাগে 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ডেলতন দেউৰীক নৌ সেনাত নিযুক্তি প্ৰদান কৰিছে ৷ প্ৰতিবছৰে চাপৰি দেউৰী গাঁৱত বীৰ শ্বহীদ নৰোত্তম দেউৰীক শ্ৰদ্ধাৰে সোঁৱৰে গাঁওবাসীয়ে ৷ নৰোত্তম দেউৰীৰ স্মৃতিসৌধ বন্তি প্ৰজ্বলনেৰে তেখেতৰ ত্যাগক স্মৰণ কৰে সকলোৱে ৷
লগতে পঢ়ক : পথৰুঘাটৰ ৰণে ৰিঙিয়াই...