ETV Bharat / state

তেজপুৰত অচিৰেই নিৰ্মাণ কৰা হ'ব সংস্কৃতিক সংগ্ৰালায়ঃ মুখ্যমন্ত্ৰী

author img

By

Published : Jul 31, 2020, 10:56 PM IST

2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ ইপিনে 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয় নাট্যকাৰ ঐশ্বৰ্য কাকতি আৰু ভবেশ বৰুৱাক ৷ ঐশ্বৰ্য কাকতিয়ে মুখ্যমন্ত্ৰীৰ সমুখতে এই বটা উছৰ্গা কৰে তেওঁৰ সাংস্কৃতিক জীৱন আৰম্ভ কৰা বান থিয়েটাৰলৈ ৷

মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী

তেজপুৰ, 31 জুলাইঃ তেজপুৰত অচিৰেই নিৰ্মাণ কৰা হ' সংস্কৃতিক গৱেষণাগাৰ আৰু সংগ্ৰহালয় ৷ অসমৰ সাংস্কৃতিক জগতৰ চাৰিজন মহান মনিষী, জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা,নাটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামত এই সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে৷ শুকুৰবাৰে তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰত অসম চৰকাৰৰ সংস্কৃতিক বিভাগৰ দ্বাৰা আয়োজিত ২০২০ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে ৷

তেজপুৰত অচিৰেই নিৰ্মাণ কৰা হব সংস্কৃতিক সংগ্ৰালায়ঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সোণোৱালে ফণী শৰ্মাৰ সামাধিৰ নিৰ্মাণ ১.৫ কোটি টকা ব্যয়ৰে অতি সোনকালে নিৰ্মাণ হৈ উঠিব বুলিও ঘোষণা কৰে ৷ এই বিভাগ চোৱা চিতাৰ দায়িত্ব তেজপুৰৰ সাংসদ পল্লব লোচন দাস,বিধায়ক বৃন্দাবন গোস্বামী আৰু উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংক প্ৰদান কৰিছে ৷ বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰিবলগীয়া এই সংস্কৃতিক গৱেষণাগাৰ আৰু সংগ্ৰহালয়ত নৱ প্ৰজন্মই এই সকল ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

ইপিনে 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয় নাট্যকাৰ ঐশ্বৰ্য কাকতি আৰু ভবেশ বৰুৱাক ৷ মুখ্যমন্ত্ৰীৰ পৰা বঁটা সংগ্ৰহ কৰিয়েই বঁটা প্ৰাপ্ত ঐশ্বৰ্য কাকতিয়ে মুখ্যমন্ত্ৰীৰ সমুখতে এই বটা উছৰ্গা কৰে তেওঁৰ সাংস্কৃতিক জীৱন আৰম্ভ কৰা বান থিয়েটাৰলৈ ৷ উল্লেখ্য যে, এই বঁটাত আছে 2 লাখ টকাৰ চেক, এখনি শৰাই আৰু অংগ বস্ত্ৰ ৷

2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মাৰ বঁটা প্ৰদান

সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে , তেজপুৰ লোক সভাৰ সাংসদ পল্লব লোচন দাস ,বিধায়ক বৃন্দাবন গোস্বামী,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলাখন সকলো বিধায়ক আৰু জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং ৷

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ৰুগীয়া বৃদ্ধাক সহায়ৰ হাত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.