ETV Bharat / state

মানসিক স্বাস্থ্য সম্বন্ধীয় যিকোনো সহায়ৰ বাবে মুকলি ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ

author img

By

Published : Apr 11, 2020, 2:34 PM IST

পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশত, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত, ৰাঁচীৰ কেন্দ্ৰীয় মনোচিকিৎসা প্ৰতিষ্ঠান আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগত আৰম্ভ কৰা হৈছে এটা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ।

national helpline number for the people suffering from mental health issue

তেজপুৰ, 11 এপ্ৰিলঃ COVID-19ৰ এনে দুৰ্যোগৰ সময়ত মানুহৰ মনত সৃষ্টি হোৱা মানসিক চাপ বা তেনে কোনো কাৰণৰ সৈতে মোকাবিলা কৰিবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় হেল্প লাইন নম্বৰ । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এই স্বাস্থ্য প্ৰতিষ্ঠানে ইতিমধ্যে এই হেল্পলাইনৰ জৰিয়তে, এই ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হোৱা লোকৰ বাবে আগবাঢ়ি আহিছে । এই হেল্পলাইনটো আৰম্ভ কৰা হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশত, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত, ৰাঁচীৰ কেন্দ্ৰীয় মনোচিকিৎসা প্ৰতিষ্ঠান আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগত । অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিটা ভাষাত 24 ঘন্টাৰ বাবে উপলব্ধ হ'ব এই হেল্প লাইন । 08046110007 নম্বৰত উপলব্ধ হ'ব এই হেল্পলাইন ।

মানসিক স্বাস্থ্য সম্বন্ধীয় যিকোনো সহায়ৰ বাবে মুকলি ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ

লগতে পঢ়কঃ ভিডিঅ'যোগে ৰাইজক নিজাকৈ মাস্ক প্ৰস্তুতৰ আহ্বান চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.