ETV Bharat / state

Mysterious death of Woman: বিয়াৰ এবছৰ নহৌতেই ৰহস্যজনক মৃত্যু শিল্পী দেৰ

ঢেকিয়াজুলিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু (Mysterious death of Woman) ৷ বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে ঢেকীয়াজুলীত (Tension prevails in Dhekiajuli) ৷

Mysterious death of Bowari
বিয়াৰ এবছৰ নহৌতেই ৰহস্যজনক মৃত্যু শিল্পী দেৰ
author img

By

Published : Dec 24, 2021, 10:26 PM IST

তেজপুৰ, 24 ডিচেম্বৰ : আয়তিৰ উৰুলি, বন্ধু-বান্ধবীৰ হাঁহি-ধেমালিৰে উদুলি-মুদুলি হ’ল ৰভাতলী ৷ বহু আশা, হেজাৰ সপোন বুকুত বান্ধি বিগত 9 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল শিল্পী দে (২৬) ৷ সকলো ঠিকেই আছিল ৷

সময় বাগৰিল ৷ দিনৰ পাচত পাৰ হ’ল এটা-দুটা মাহ ৷ কিন্তু শিল্পী দেৰ শহুৰৰ ঘৰতহে নিতাল নামাৰিলে বিবাহৰ সেই হুলস্থূলীয়া সদৃশ পৰিৱেশে ৷ ওচৰ চুবুৰিয়াও হতবাক ৷ বিবাহৰ ন মাহৰ পাচতো একেই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় শিল্পী দেৰ শহুৰত ৷ কাৰণটো শুনিলে আপুনিও হয়তু হ’ব হতবাক ৷

Mysterious death of Bowari
বিয়াৰ এবছৰ নহৌতেই ৰহস্যজনক মৃত্যু শিল্পী দেৰ

এতিয়া আহিছো ঘটনাৰ মাজলৈ ৷ ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি মনোজুলি গাঁও ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মনোজুলিত ২৩ ডিচেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হয় শিল্পী দে (২৬)ৰ (Mysterious death of Woman) ৷ শিল্পী দেৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰৰ পৰা অঞ্চলটোত বিৰাজ কৰিছে উত্তজনা (Tension prevails in Dhekiajuli) ৷ আনকি বোৱাৰী গৰাকীৰ মৃতদেহ লৈ শুকুৰবাৰে দিনৰ ১১:৩০ বজাৰ পৰা ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ স্থানীয় ৰাইজে ৷

Mysterious death of Bowari
বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি ঢেকিয়াজুলিত প্ৰতিবাদ

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিৰবাৰে মনোজুলি গাঁৱৰ ৰাজদ্বীপ দে’ৰ পত্নী শিল্পী দে’ৰ স্বামীৰ গৃহতে ৰহস্যজনক ভাৱে মৃত্যু হয় ৷ শিল্পী দে’ৰ পৰিয়ালৰ লগতে একাংশ প্ৰতিবেশী ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷ কিয়নো বিয়াৰ পাচৰ পৰাই শিল্পী দেক শহুৰেকৰ ঘৰৰ লোকে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

আনহাতে, শিল্পী দেৰ পৰিয়ালে ইতিমধ্যে থানাত দাখিল কৰিছে এক এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে বৃহস্পতিবাৰে শিল্পী দেৰ স্বামী ৰাজদ্বীপ দে, মাহীয়েক চিউলী দাস (বেবী)ক আটক কৰি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰিছে ৷ ইপিনে স্থানীয় ৰাইজৰ দাবী, শিল্পী দেৰ শাহুৱেক কৃষ্ণা দে, শহুৰ প্ৰদীপ দে, বাইশাহু বুলটি দেক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক ৷ জানিব পৰা মতে, হঠাৎ শাহুৱেক কৃষ্ণা দে’ৰ বৃহস্পতিবাৰৰ পৰা স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.