ETV Bharat / state

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ অৱহেলাৰ বাবে যুৱকৰ মৃত্যু

author img

By

Published : Sep 15, 2020, 4:03 PM IST

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল যুৱকৰ ৷ টকা জমা দিব নোৱাৰাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দুৰ্ঘটনাত পতিত হোৱা যুৱকক ICUৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

My Nephew was murdered' claims a Meternal uncle was refused treatment at Tezpur Times Hospital
তেজপুৰ টাইমছ হাস্পাতাল

তেজপুৰ, 15 ছেপ্টেম্বৰ : তেজপুৰত পুনৰ ব্যক্তিগত চিকিৎসালয়ৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এজন যুৱকৰ ৷ টকা জমা দিব নোৱাৰাৰ বাবে অস্ত্ৰোপচাৰ কৰা যুৱকক ICUৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

মৃতকৰ মামা
মৃতকৰ মামা

ঘটনাৰ বিৱৰণ অনুসৰি, 4 ছেপ্টেম্বৰত এক দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেজপুৰ টাইমছ হাস্পতালত ভৰ্তি কৰোৱা হয় বিকাশ হাজাৰিকা নামৰ যুৱজনক ৷ পৰৱৰ্তী সময়ত যুৱকজনক অস্ত্ৰোপচাৰ কৰে চিকিৎসালয় খনৰ ডঃ মানৱ বৰা নামৰ চিকিৎসক গৰাকীয়ে । ইফালে,অস্ত্ৰোপচাৰ কৰাৰ পিচত যুৱকজনক ICU ত ৰখা হৈছিল যদিও চিকিৎসালয়ৰ 1.5 লাখ টকা জমা কৰিব নোৱাৰাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই যুৱকজনক ICU ৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে যুৱকজনৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ প্ৰদান কৰে ৷

চিকিৎসালয়ৰ পৰিস্থিতি
My Nephew was murdered' claims a Meternal uncle was refused treatment at Tezpur Times Hospital
মৃত্যু হোৱা যুৱক

আনহাতে,এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে ৷ বাহৰ গজালি মেলা দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা ব্যক্তিগত চিকিৎসালয় সমূহক নাকী লগাবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : মাস্ক, গ্লোভচ অবিহনে নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.