তেজপুৰ,১৮ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়া পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) বতাহ বলিছে । প্ৰতিখন জিলাতে চলিছে নিৰ্বাচনী প্ৰস্তুতি । শোণিতপুৰ জিলাও ব্যতক্ৰম নহয় । ইতিমধ্যে মনোনয়ন পৰ্বও সমাপ্ত হৈছে । শোণিতপুৰ জিলাৰ চাৰিখন পৌৰসভাৰ ১৫১ খন মনোনয়ন পত্ৰৰ ভিতৰত ১৪৫ খন বৈধ হিচাপে ঘোষণা কৰা হৈছে ।
ইফালে তেজপুৰ পৌৰসভাৰ ১৭ নং ৱাৰ্ড আৰু জামুগুৰিহাটৰ ৪ নম্বৰ ৱাৰ্ড বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে নিজৰ হাতলৈ আনিছে (BJP wins 2 wards uncontested in Sonitpur)। তেজপুৰ পৌৰসভাৰ ১৭ নম্বৰ ৱাৰ্ডৰ পূৰ্বৰ পৌৰ সভানেত্ৰী তথা তেজপুৰৰ বিশিষ্ট সমাজ কৰ্মী পুষ্পা ডেকাৰ বোৱাৰী মৃদুস্মিতা হাজৰিকাই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় ।
তেজপুৰ পৌৰ সভাৰ ১৯ টা ৱাৰ্ডৰ ভিতৰত ৩ খন আসন অগপক এৰি দি বাকী ১৫ খন আসন ঘোষণা কৰিছিল । কিন্তু বিজেপিয়ে ১৭ নং ৱাৰ্ডৰ পূৰ্বৰ সভানেত্ৰীৰ আসনখন সম্পৰ্কে কোনো ঘোষণা নকৰাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । একাংশ লোকে অভিযোগ কৰা মতে বিৰোধীক মেনেজ কৰি এই আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে পূৰ্বৰ সভানেত্ৰীৰ বোৱাৰী । কিয়নো সেই আসনখনত বিৰোধী কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ।
উল্লেখ্য যে শোণিতপুৰ জিলা পৌৰ নিৰ্বাচন বিধি অনুসৰি জিলাখনত এইবাৰ ৪৯ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । ইয়াৰ ভিতৰত তেজপুৰ পৌৰসভাত আছে ১৯ টা ৱাৰ্ড, ঢেকীয়াজুলিত ১০ টা, ৰঙাপাৰাত ১০ টা আৰু জামুগুৰিহাটত ১০ টা ৱাৰ্ড । তেজপুৰৰ ১৯ টা ৱাৰ্ডৰ ভিতৰত ৮, ৯, ১১, ১২, ১৩, ১৬, ১৭ আৰু ১৮ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত ৷
ইফালে অনুসূচীত জাতিৰ বাবে তেজপুৰ পৌৰ সভাত ৬ নং ৱাৰ্ড, ঢেকীয়াজুলিত ৬ নং ৱাৰ্ড, ৰঙাপাৰাত ৫ নং ৱাৰ্ড আৰু জামুগুৰিহাটত ৬ নং ৱাৰ্ড সংৰক্ষিত বুলি জানিব পৰা গৈছে ৷ ঠিক সেইদৰে ঢেকীয়াজুলি পৌৰ সভাৰ ৪, ৫, ৭ আৰু ১০ নং ৱাৰ্ড , ৰঙাপাৰাৰ ২, ৩, ৪ আৰু ৭ নং ৱাৰ্ড আৰু জামুগুৰিহাটৰ ৫, ৭, ৮ আৰু ১০ নং ৱাৰ্ড সম্পূৰ্ণ মহিলাৰ বাবে সংৰক্ষিত আছে ।
লগতে পঢ়ক :Municipal Election 2022: বৰপেটাৰোডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত গীতুমণি দাস