ETV Bharat / state

বৃদ্ধক ডাইনী সজাই হত্যাৰ চেষ্টা শোণিতপুৰত - Birubala Rabha fight against witch hunting

মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা ৷ ডাইনীৰ সন্দেহত হত্যাৰ চেষ্টা এজন বৃদ্ধক (Mob tried to kill elderly man suspicion of witch) ৷ এগৰাকী বোৱাৰীৰ অসুস্থতাৰ বাবে এজন বৃদ্ধক জগৰীয়া কৰি সজোৱা হ’ল ডাইনী ৷ নিশা শোৱাপাটীৰ পৰা উঠাই আনি নিৰ্মম অত্যাচাৰ বৃদ্ধক ৷ পঢ়ক সবিশেষ...

Mob tried to kill elderly man suspicion of witch

author img

By

Published : Jan 25, 2022, 4:39 PM IST

ৰঙাপৰা, 25 জানুৱাৰী : একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত আজিও একাংশ ব্যক্তি অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই (Witch hunting in Assam)। পুনৰ ডাইনীৰ সন্দেহত এজন ব্যক্তিক আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকত । চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম-অৰুণাচল সীমান্তৰ ভিতৰুৱা ঔজুলি ৰঙাগড়া গাঁৱত যোৱা শুকুৰবাৰে নিশা সংঘটিত হৈছে এই পাশৱিক ঘটনা ৷ এজন বৃদ্ধক একাংশ গঞাই অতি নিষ্ঠুৰভাৱে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে (Mob attacked elderly person suspects of Witch)।

গাঁওখনৰ এগৰাকী বোৱাৰী দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এজন বৃদ্ধক নিশা ডাইনীৰ সন্দেহত একাংশ ৰাইজে ঘৰৰ পৰা উঠাই নি ৰাইজে লাঠি-বাঁহ আদিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে । ডাইনী বুলি মানি ল’বলৈ লোকজনক দাবী-ধমকি দিয়ে গঞাই ৷ মানি নল’লে হত্যা কৰাৰো ভাবুকি দিয়ে লোকজনক ৷ তেনে সময়তে গাঁওখনৰ একাংশ লোকৰ তৎপৰতাত আৰু চাৰিদুৱাৰ আৰক্ষীৰ উপস্থিতিত লোকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।

বৃদ্ধক ডাইনী সজাই হত্যাৰ চেষ্টা শোণিতপুৰত

ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/২৯৪/৩২৩/৩০৭/৩৪ ধাৰাৰ অধীনত ১৭/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে (Cases against witch hunting in Assam)৷ লোকজনৰ এগৰাকী সম্পৰ্কীয় বোৱাৰী আৰু শহুৰেককো কেইবছৰমান আগতে হত্যা কৰা হৈছিল ডাইনীৰ সন্দেহত ৷

লগতে পঢ়ক : সাপেখাতীত ডাইনীৰ সন্দেহত ৮০ বছৰীয়া বৃদ্ধাক নিৰ্যাতন

উল্লেখ্য যে, ডাইনী হত্যাৰ দৰে ঘটনাৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন সময়ত সজাগতাৰ সৃষ্টিৰ প্ৰয়াস চলাই আহিছে ব্যক্তি বিশেষে ৷ বীৰুবালা ৰাভাই নিৰলসভাৱে যুঁজ দি আহিছে এই ডাইনী হত্যাৰ দৰে ঘটনাৰ বিৰুদ্ধে (Birubala Rabha fight against witch hunting) ৷ তথাপিও কিন্তু অন্ধবিশ্বাসৰ এই শিপাডাল সমূলঞ্চে উঘালিব পৰা হোৱা নাই সমাজৰ পৰা ৷ কেৱল ডাইনী হত্যাই নহয় ৷ ৰাজ্যৰ কেতবোৰ ভিতৰুৱা স্থানত নৰ বলিৰ দৰে ঘটনা আজিৰ যুগতো সংঘটিত হৈ আহিছে ৷ বিগত বৰ্ষত শিৱসাগৰ আৰু চৰাইদেউ জিলাত এনে ঘটনা পোহৰলৈ আহিছিল ৷

বড়োভূমিৰো বহু ভিতৰুৱা অঞ্চলত প্ৰায়েই এনে ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অতি দুৰ্গম অঞ্চল মতিঝোৰা প্ৰথম খণ্ড গাঁৱত যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহত ডাইনী সন্দেহত পুত্ৰই নিজ মাতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পেলাই দিয়ে ঘন জংঘলত ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱতো যোৱা আগষ্ট মাহত এগৰাকী ষাঠি বছৰীয়া মহিলাক ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছিল ৷

লগতে পঢ়ক : ডাইনীৰ সন্দেহত জীৱন্তে জ্বলোৱাৰ চেষ্টা মহিলাক

ডিব্ৰুগড়ৰ লেজাই অঞ্চলৰ ভিতৰুৱা কঠালবাম গাঁৱতো এগৰাকী মহিলাক ডাইনী সজাই অত্যাচাৰ চলোৱা হৈছিল যোৱা নৱেম্বৰ মাহত ৷ সাপেখাতীৰ টিমন বৰতানি অঞ্চলত একাংশলোকে যোৱা নৱেম্বৰ মাহত প্ৰায় ১৫ দিন ধৰি এগৰাকী ৮০ উৰ্ধৰ বৃদ্ধাক ডাইনী সজাই চলাই আহিছিল নিৰ্যাতন ৷ শোৱাপাটিৰ পৰা স্থানীয় একাংশ পুৰুষ মহিলাই উঠাই আনি সমীপতে থকা মন্দিৰত চাকি বন্তি জ্বলাই আঁঠু কঢ়াই ডাইনী বুলি সৈ কঢ়াবলৈ বাধ্য কৰাইছিল ৷ স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল ৷

বিজ্ঞান-প্ৰযুক্তি আদিৰ উত্তৰণ যিমানেই নঘটক কিয়, এনেধৰণৰ ঘটনা কিন্তু আজিও ৰোধ হোৱা নাই সমাজত ৷ এনেবোৰ ঘটনাত বহু সময়ত তৃতীয় পক্ষৰ স্বাৰ্থ নিহিত থকাৰ কথাও পোহৰলৈ অহা দেখা গৈছে ৷ নিজৰ প্ৰতিশোধ, সম্পত্তিৰ লালসা আদি পূৰণৰ নামত এচাম নিকৃষ্ট মানসিকতাৰ লোকে ৰাইজক উচতনি দি আহিছে এনেবোৰ কাণ্ড সংঘটিত কৰাৰ বাবে ৷ যাৰ পৰিপ্ৰেক্ষিতত অত্যাচাৰ তথা হত্যাৰ বলি হ’ব লগীয়া হৈছে একাংশ নিৰীহ লোক ৷

লগতে পঢ়ক : মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.