ETV Bharat / state

ভোজভাত আয়োজনেৰে নিৰ্বাচনী ৰণশিঙা পদ্ম হাজৰিকাৰ

author img

By

Published : Feb 8, 2021, 5:26 PM IST

চতিয়াত 20 হাজাৰ লোকক ভোজ-ভাত খুৱাই নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক পদ্ম হাজৰিকাই ৷ অনুষ্ঠানত সমষ্টিটোৰ নিৰ্বাচনী থিমচং উন্মোচন কৰে বিধায়কগৰাকীয়ে ৷

mla-padma-hazarika-election-campaign-in-sootea
চতিয়াত ভোজভাত আয়োজনেৰে নিৰ্বাচনী ৰণশিঙা পদ্ম হাজৰিকাৰ

ৰঙাপৰা,8 ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ শাসক-বিৰোধী প্ৰতিটো দলে বিধানসভা নিৰ্বাচনত দিছপুৰৰ গাদী দখল কৰিবলৈ একপ্ৰকাৰ উঠি পৰি লাগিছে ৷ এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই নতুনকৈ গঠিত হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নামৰ আঞ্চলিক দলসমূহো ৷

আনহাতে, নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে 7 ফেব্ৰুৱাৰীত শোণিতপুৰৰ ঢেকিয়াজুলিত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কেইবা লক্ষাধিক জনতাৰ সন্মুখত প্ৰধানমন্ত্ৰীয়ে এক প্ৰকাৰৰ ৰণডংকা বজোৱা পৰিলক্ষিত হ'ল ৷ ইফালে,চতিয়া সমষ্টিৰ পৰা মোডীৰ জনসভালৈ যোৱা 20 হাজাৰ লোকক ভোজ-ভাত খুৱালে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত চাৰিদুৱাৰৰ জীয়াভৰলী নৈৰ পাৰত বিধায়ক পদ্ম হাজৰিকাই বিশাল ভোজ-ভাতৰ আয়োজনৰে একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজায় ।

পদ্ম হাজৰিকাৰ মন্তব্য

উক্ত স্থানতে বিধায়ক গৰাকীয়ে উন্মোচন কৰে চতিয়া সমষ্টিৰ উন্নয়নৰ গীত । আনকি, গীতৰ তালে তালে কঁকাল ঘুৰাই নাছিলে বিধায়ক হাজৰিকাই ৷ উল্লেখ্য যে, উক্ত সভাতে আগন্তুক নিৰ্বাচনত পুনৰ বিপুল ভোটত জয়ী হোৱাৰো দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ পৰৱৰ্তী নিৰ্বাচনত অসম জাতীয় পৰিষদ কোনো ফেক্টৰ নহয় বুলিও উল্লেখ কৰে হাজৰিকাই ৷ সমষ্টিটোত একমাত্ৰ কংগ্ৰছ আৰু বিজেপিৰ মাজত মূল যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । আনহাতে,এই সভাত চতিয়া সমষ্টিৰ বহুকেইজন কংগ্ৰেছ নেতায়েও বিজেপিত যোগদান কৰে ।

লগতে পঢ়ক : উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.