ETV Bharat / state

গাড়ীৰ পৰা নমাই বিধায়কক জবাবদিহি স্থানীয় ৰাইজৰ

author img

By

Published : Jul 22, 2020, 9:01 PM IST

পথ নিৰ্মাণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিক গাড়ীৰ পৰা নমাই ককৰ্থনা ক্ষোভিত ৰাইজৰ ৷

MLA Face Irate Public
MLA Face Irate Public

তেজপুৰ, 22 জুলাইঃ বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিক বাট ভেটি ধৰি জবাবদিহি কৰে ক্ষোভিত ৰাইজে ৷ গুন্দুৰাবিলৰ পৰা ঘগৰা হৈ ৰঙাপৰা সংযোগী পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবেই সুদীৰ্ঘকাল জীয়াতু ভোগা ৰাইজে মঙলবাৰে বিয়লি বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ গাড়ী আগচি ধৰি পথচোৱাৰ মেৰামতিৰ দাবী জনোৱাৰ লগতে বিধায়ক জনৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলক ককৰ্থনা কৰে ৷

গাড়ীৰ পৰা নমাই বিধায়কক জবাবদিহি স্থানীয় ৰাইজৰ

নিৰ্বাচনৰ সময়ত স্থানীয় ৰাইজৰ ওচৰত ভোট বিচাৰি পথচোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ পাছতেই সকলো পাহৰে বুলি প্ৰশ্ন কৰে ক্ষোভিত ৰাইজে ৷ লিম্বুৰ পথ আগছি ধৰা ৰাইজে কয় যে এই অঞ্চলৰ ৰাইজেও ভোট দিয়ে ৷ ৰাইজে পথ আগছি ধৰাত গাড়ীৰ পৰা নামি অহা বিধায়ক লিম্বুক ৰাইজে সেই অঞ্চলটোৰ ৰাইজ মাহীমাকৰ পুতেক নেকি বুলি প্ৰশ্ন কৰে ৷

পথত কঠিয়া ৰুই প্ৰতিবাদ ৰাইজৰ

ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ বিধায়ক লিম্বুৱে অঞ্চলটোৰ কোনোবা এটা পথ নিৰ্মাণৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছে,কিন্তু কোনটো পথ নিৰ্মাণৰ অনুমোদন লাভ কৰিছে সেই কথা তেওঁ নাজানে বুলি পলায়নবাদী মন্তব্য দিয়ে ৷ আনহাতে পথটোৰ বিষয়ে তেওঁ খবৰ ল’ব বুলি ৰাইজক তেওঁ পুনৰ প্ৰতিশ্ৰুতি দিয়ে ৷

ইপিনে,বুধবাৰে স্থানীয় একাংশ লোকে পথচোৱাত কঠিয়া ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত দীঘলীয়া সময়চোৱাত অঞ্চলটোৰ আশে পাশে প্ৰায়বোৰ পথ নিৰ্মাণ কৰা হ’ল য’দিও এইটো পথৰহে নিৰ্মাণ নহ’ল বুলি প্ৰকাশ কৰে ৷ লগতে ৰাইজে অভিযোগ কৰে যে বৰ্তমান ইয়াৰ কাষতে হোৱা দুইলাখ টকাৰ এটা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ হৈছে ৷ কেনেদৰে পথচোৱা নিৰ্মাণ কৰা হৈছে সেয়া বিধায়ক লিম্বুক নিজেই এবাৰ চাবলৈ দাবী জনাই ৰাইজে ৷

লগতে পঢ়কঃ যমুনামুখত মহিলাৰ আত্মহত্যা, 2 জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.