তেজপুৰ, 5 ফেব্ৰুৱাৰী : 'অসম জাতীয় পৰিষদ' আৰু 'ৰাইজৰ দল' বাংলাদেশীয় মূলৰ ওপৰত নিৰ্ভৰশীল । তেওঁলোকে অসমৰ অসমীয়া মানুহৰ বসতি অঞ্চলত সভা নাপাতে । এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ তেজপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷
ইফালে, 'অসম জাতীয় পৰিষদ' আৰু 'ৰাইজৰ দল'ৰ আনুষ্ঠানিক মিত্ৰতা সন্দৰ্ভত পীযুষ হাজৰিকাই কয় যে, এই দল দুটা এটা ডাঙৰ শূণ্য ৷ গতিকে, শূণ্যৰে শূণ্যক যোগ কৰিলে ফলাফল শূণ্যই পোৱা যায় বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে, নৱ-গঠিত দল দুটাই উজনি অসমত সভা পাতিব নোৱাৰে, কেৱলমাত্ৰ পূৰ্ব বংগীয় মুছলমান থকা স্থানতহে সভা পাতি আহিছে বুলি কটাক্ষ কৰে পীযুষ হাজৰিকাই ৷
লগতে পঢ়ক : ভ্ৰমণৰ পূৰ্বে সীতাৰমনক চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰশ্ন ৰাজু চাহুৰ