তেজপুৰ, ১১ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত নিৰ্মাণ হ'ব শোণিতপুৰ জিলাৰ দুটা পুখুৰী । সেই পুখুৰী পৰিদৰ্শনৰ বাবে শুকুৰবাৰে শোণিতপুৰ জিলাত উপস্থিত হয় ৰাজ্য চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ (Minister Ajanta Neog at Tezpur)।
![tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-teapur-05-10june-pix-ajantaamritsarubar-pranabkumardas-7203907_10062022221727_1006f_1654879647_1101.jpg)
জিলাখনৰ বালিপাৰা বেটনিযাৰৰ পুখুৰী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও বালিপাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Ajanta Neog visits Adarsh Anganwadi Kendra in Tezpur)।
![tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-teapur-05-10june-pix-ajantaamritsarubar-pranabkumardas-7203907_10062022221727_1006f_1654879647_940.jpg)
ইফালে শনিবাৰে তেজপুৰ বাটমাৰীত নিৰ্মাণ কৰা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting in Tezpur) ৷ সেয়েহে বৈঠকৰ পূৰ্বে নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত উপস্থিত হৈ অসম কেবিনেটৰ বৈঠকৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । আনহাতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্ত নেওগে ।
![tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-teapur-05-10june-pix-ajantaamritsarubar-pranabkumardas-7203907_10062022221727_1006f_1654879647_371.jpg)
লগতে পঢ়ক : মিনি দিছপুৰত পৰিণত ঊষাৰ নগৰী: শনিবাৰে কেবিনেট