ETV Bharat / state

Minister Ajanta Neog: মহাভৈৰৱ মন্দিৰত পূজা অৰ্চনা মন্ত্ৰী অজন্তা নেওগৰ - মহাভৈৰৱ মন্দিৰত পূজা অৰ্চনা মন্ত্ৰী অজন্তা নেওগৰ

বুধবাৰে পুৱা তেজপুৰৰ ঐতিহাসিক ঠাইসমূহ পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ ৷ তেজপুৰৰ চিত্ৰলেখা উদ্যান আৰু মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister Ajanta Neog
মহাভৈৰৱ মন্দিৰত পূজা অৰ্চনা মন্ত্ৰী অজন্তা নেওগৰ
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 3:45 PM IST

তেজপুৰ,4 অক্টোবৰ : বুধবাৰে তেজপুৰৰ ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ আজি পুৱা শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভাৰ অন্তৰ্গত এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেজপুৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ লগতে মন্ত্ৰীগৰাকীয়ে চিত্ৰলেখা উদ্যান আৰু মহাভৈৰৱ মন্দিৰো পৰিদৰ্শন কৰে ।

জিলা আয়ুক্তৰ লগতে নতুনকৈ নিৰ্মাণ কৰা চিত্ৰলেখা উদ্যানখনৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা সম্বন্ধে বুজ লয় মন্ত্ৰী গৰাকীয়ে । এই উদ্যানখন চহৰৰ মাজত অৱস্থিত আৰু ইয়াক ক'ল পাৰ্ক বুলিও জনা যায় । 1906 চনত মিষ্টাৰ ক’ল নামৰ অসমৰ এজন আয়ুক্তই নিৰ্মাণ কৰিছিল এই উদ্যানখন ৷ পিচলৈ 1996 চনত এম.জি.ভি.কে ভানুৱে পুনৰ ইয়াক নিৰ্মাণ কৰে ।

শেহতীয়াকৈ উষা-অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ লগত বিজড়িত চিত্ৰলেখা উদ্যান বা পাৰ্ক নামেৰে নামাকৰণ কৰা হৈছে । চহৰখনৰ কেইবাটাও কুঁৱলীময় পাহাৰ আৰু সেউজীয়া ভূ-খণ্ড আৰু নীলা হ্ৰদৰ মাজত অৱস্থিত এই উদ্যানখন সেউজীয়া দৃশ্যপটৰ সৌন্দৰ্য্যৰ বাবে সু-পৰিচিত ।

মন্ত্ৰী নেওগে কিছুসময় চিত্ৰলেখা উদ্যানৰ পৰিৱেশ উপভোগ কৰে । মন্ত্ৰী নেওগে তেওঁৰ ৰঙাপাৰা যাত্ৰাৰ সময়ত তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত পূজা-অৰ্চনা কৰে । মন্দিৰত পূজা অৰ্চনা কৰি মন্ত্ৰী নেওগে কয় যে, এয়া তেওঁৰ সৌভাগ্য যে মহাভৈৰৱত তেওঁ সেৱা জনাব পাৰিলে । মহাভৈৰৱ মন্দিৰ শেহতীয়াকৈ জিলা প্ৰশাসনে নতুনকৈ সজায় তোলা হৈছে ৷

মন্দিৰৰ চৌপাশ আকৰ্ষণীয়ভাৱে দৰ্শনাৰ্থীৰ বাবে সজায় তোলা হৈছে । দৈনিক দূৰ-দূৰণিৰ ভক্তসকলে এই মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহে । এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ শিৱলিংগ থকা এই মন্দিৰৰ লিংগ এটা জীয়া শিল আৰু প্ৰতি বছৰে এই লিংগৰ আকৃতি বাঢ়ি থাকে ।

এই মন্দিৰৰ বৰ্তমানৰ গঠন নাগ বাবাই নিৰ্মাণ কৰাৰ বিপৰীতে পিচলৈ মহাদেউ ভাৰতী আৰু তেওঁৰ ভক্তসকলে ইয়াক বিকশিত কৰে । 1897 চনৰ ভূমিকম্পত মূল মন্দিৰটো ধ্বংস হৈছিল আৰু বৰ্তমানৰ মন্দিৰটো 20 শতিকাৰ আৰম্ভণিতে নিৰ্মাণ কৰা হৈছিল।

কিংবদন্তি অনুসৰি মূল মহাভৈৰৱ মন্দিৰটো অসুৰ ৰজা বানাসুৰে শিলৰ পৰা নিৰ্মাণ কৰিছিল । এই মন্দিৰৰ মূল দেৱতা হৈছে ভগৱান শিৱ আৰু ইয়াত বিশ্বৰ অন্যতম বৃহৎ শিৱলিংগ আছে ।

লগতে পঢ়ক: Assam University: অৱসৰৰ পাচত এতিয়াৰপৰা সৈনিকসকলে গ্ৰহণ কৰিব পাৰিব স্নাতক ডিগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.