ETV Bharat / state

Indian Air Force: মোহনবাৰীৰ বায়ুসেনা ষ্টেচনত মিডিয়া অৰিয়েণ্টেচন কৰ্মশালা

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:38 AM IST

মোহনবাৰী বায়ুসেনা ষ্টেচনত মঙলবাৰে সংবাদ মাধ্যমৰ বাবে আয়োজন কৰা হয় বিশেষ কাৰ্যসূচীৰ ৷ "মিডিয়া অৰিয়েণ্টেচন কেপচুল" শীৰ্ষক অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল সংবাদ মাধ্যম আৰু বায়ুসেনাৰ মাজত বুজাবুজি গঢ়ি তোলা তথা সম্পৰ্ক মজবুত কৰা ৷ প্ৰায় 40 গৰাকী সংবাদ মাধ্যমৰ লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷

MOHANBARI CONDUCTS MEDIA ORIENTATION CAPSULE
সংবাদ মাধ্যমৰ বাবে “মিডিয়া অৰিয়েণ্টেচন কেপচুল”

তেজপুৰ, 22 আগষ্ট : ভাৰতীয় বায়ুসেনাৰ পূব বায়ু কমাণ্ডৰ অধীনত বায়ুসেনা ষ্টেচন মোহনবাৰীত মঙলবাৰে সংবাদ মাধ্যমৰ বাবে “মিডিয়া অৰিয়েণ্টেচন কেপচুল” অনুষ্ঠিত কৰা হয় । বায়ুসেনা ষ্টেচন মোহনবাৰীৰ ষ্টেচন কমাণ্ডাৰ গ্ৰুপ কেপ্তেইন প্ৰশান্ত চাৱনে সংবাদ মাধ্যমক আদৰণি জনায় ৷ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত পৰিবহণ আৰু হেলিকপ্টাৰ অভিযানৰ দায়িত্বত থকা এয়াৰ কামাণ্ডাৰ সুব্ৰত কুণ্ডুৱে তেওঁৰ ভাষণৰ সময়ত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু ইয়াৰ সুৰক্ষা সম্পৰ্কে অৱগত কৰে ।

কেপচুলৰ বাৰ্তাৰ সময়ত, ভাৰতীয় বায়ুসেনাৰ ইতিহাসক সামৰি এটা উপস্থাপন, বায়ুসেনা ষ্টেচন মোহনবাৰীৰ আৰম্ভণি, আই এ এফ আৰু বিশেষকৈ ষ্টেচনৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) অভিযানৰ আভাস, সেৱাত আত্মনিৰ্ভৰশীলতৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আই এ এফৰ প্ৰচেষ্টা সমূহ দেখুওৱা হয় ।

আধুনিক প্লেটফৰ্মৰ লগতে অত্যাধুনিক অস্ত্ৰ ব্যৱস্থা, চেন্সৰ আৰু নেটৱৰ্কৰ আই এ এফৰ তথ্যই ইয়াক এক প্ৰধান বায়ু শক্তি সত্তা কৰি তুলিছে বুলি অনুষ্ঠানটোত উল্লেখ কৰা হয় । বিশেষকৈ উত্তৰ-পূৱ ভাৰতত আই এ এফৰ কাৰ্যকলাপৰ বিষয়ে এক আভাস দিয়াটোৱেই আছিল এই পাৰস্পৰিক ক্ৰিয়া-কলাপৰ মূল উদ্দেশ্য ।

বায়ুসেনাৰ বিষয়াসকলে জনায় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অভিযানৰ সকলো স্তৰতে সংবাদ মাধ্যমৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । দেশবাসী আৰু সামগ্ৰিকভাৱে বিশ্বৰ প্ৰতি সঠিক দৃষ্টিভংগী প্ৰক্ষেপ কৰিবলৈ সামৰিক বাহিনী আৰু সংবাদ মাধ্যমে ইজনে সিজনৰ কাম-কাজৰ ধৰণ বুজি পোৱা আৰু স্বীকাৰ কৰাটো অতি প্ৰয়োজনীয় । ভালদৰে সংযোগ স্থাপনৰ প্ৰয়াসত এই “মিডিয়া অৰিয়েণ্টেচন কেপচুল”ৰ পৰিকল্পনা কৰা হৈছিল ।

সংবাদ মাধ্যমক আই এ এফৰ চমু ঐতিহাসিক দৃষ্টিভংগী আৰু যুঁজাৰু, পৰিবহণ আৰু হেলিকপ্টাৰৰ উৰণ অভিযান সামৰি বিভিন্ন কাৰ্যকৰী কাৰ্যকলাপ সন্দৰ্ভত বাখ্যা আগবঢ়োৱা হয় । ইয়াৰ পিছতে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত থকা বিভিন্ন বায়ুসেনাৰ ঘাটি বিশেষকৈ বায়ুসেনা ষ্টেচন মোহনবাৰীৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰা হয় । আই এ এফৰ আধুনিক ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ কথাও অৱগত কৰে । এই অনুষ্ঠানৰ লক্ষ্য আছিল সজাগতা সৃষ্টি, সংবাদ মাধ্যম আৰু বায়ু সেনাৰ মাজত বুজাবুজি গঢ়ি তোলা তথা সম্পৰ্ক মজবুত কৰা ।

লগতে পঢ়ক: G20 summit in Delhi: নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিব জো বাইডেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.