ETV Bharat / state

ইটাখোলাত ভয়াৱহ অগ্নিকাণ্ড: ভস্মীভূত বহুলাখ টকাৰ সম্পত্তি

author img

By

Published : Mar 11, 2021, 10:39 PM IST

বৃহস্পতিবাৰে বিয়লিভাগত চতিয়াৰ ইটাখোলাত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় নগদ 2 লাখৰো অধিক টকা আৰু সোণৰ আ-অলংকাৰসহ প্ৰায় দহ লাখ টকাৰ সম্পত্তি ৷

massive-fire
ইটাখোলাত ভয়াৱহ অগ্নিকাণ্ড

চতিয়া,11 মাৰ্চ: চতিয়াৰ ইটাখোলা উপ আৰক্ষী চকীৰ অন্তৰ্গত 1 নং ইটাখোলাত বৃহস্পতিবাৰে বিয়লি ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ইটাখোলা নিবাসী আব্দুল ৰহিম নামৰ লোকজনৰ বাসগৃহৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

অগ্নিকাণ্ডৰ ফলত নগদ 2 লাখৰো অধিক টকা আৰু সোণৰ আ-অলংকাৰসহ প্ৰায় দহ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ৷ ইয়াৰোপৰি ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী নিমিষতে ছাই হৈ যায় ।

massive-fire
ইটাখোলাত ভয়াৱহ অগ্নিকাণ্ড

ঘটনাৰ পাচতে চতিয়াৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমুৱাই যদিও ইতিমধ্যে জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰে আব্দুল ৰহমানৰ ঘৰখন ৷

লগতে পঢ়ক : ডিব্ৰুগড় আৰক্ষীৰ তালাচীত জব্দ 6 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.