ৰঙাপৰা, 13 মে': শোণিতপুৰ জিলাৰ বালিপৰা-চাৰিদুৱাৰ অঞ্চলত বুধবাৰে বিয়লিৰ ভাগত অহা প্ৰচণ্ড বতাহ-বৰষুণে বৃহত্তৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰে । বতাহে একাংশ লোকৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যায় । বালিপৰা-চাৰিদুৱাৰ অঞ্চলত হোৱা ধুমুহাজাকে চাৰিদুৱাৰ, চেঙেলীমাৰী, শালবাৰী, বাকোলা, মৰিসুতি, সেনাই পামকে ধৰি কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ।
বিধ্বংসী ধুমুহাজাকে চেঙেলীমাৰী চেণ্টাৰৰ বহুকেইখন দোকানৰ টিনপাত উৰুৱাই নিয়াৰ লগতে, ধুমুহাৰ ফলত বিদ্যালয় গৃহত ডাঙৰ গছ বাগৰি পৰে । ইফালে বতাহ আৰু বৰষুণে স্থনীয় লোকৰ কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে, ঘৰ-দুৱাৰ ভাঙি পেলায় । যাৰ ফলত গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল । পথৰ ওপৰত বিজুলী তাঁৰৰ খুটা, গছ আদি বাগৰি পৰাত যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰে । উল্লেখ্য যে, ধুমুহাৰ ফলত দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় ।
লগতে পঢ়কঃ লক্ ডাউনত সৰ্বস্বান্ত জোনাইৰ খেতিয়ক