ETV Bharat / state

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে ৰঙাপৰাৰ নাহৰণিবাসীক

author img

By

Published : Oct 5, 2020, 2:18 PM IST

ৰঙাপৰা বিধানসভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অধীনৰ 2 নং নাহৰণি সংৰক্ষিত গ্ৰেন্টৰ পথছোৱাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে ৷ স্থানীয় ৰাইজে পথছোৱা নিৰ্মাণৰ নামত জনপ্ৰতিনিধিৰ পৰা কেৱল প্ৰতিশ্ৰুতিহে পাই আহিছে ৷

ৰঙাপৰাৰ নাহৰণিবাসী
ৰঙাপৰাৰ নাহৰণিবাসী

ৰঙাপৰা, 5 অক্টোবৰ : ৰঙাপৰাত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে প্ৰতিবাদত নামিল উজলা মহিলা সমিতি ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অধীনৰ 2নং নাহৰণি সংৰক্ষিত গ্ৰেন্টৰ পথছোৱাত নাই যাতায়তৰ ন্যূনতম সুবিধা ৷ যাকে লৈ সম্প্ৰতি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ সোমবাৰে গাঁও খনৰ উজলা মহিলা সমিতিৰ উদ্যোগত পথটো নিৰ্মাণৰ দাবীৰে হাতত বেনাৰ আদি লৈ ওলাই আহিল শতাধিক পুৰুষ-মহিলা ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে তেওঁলোকে উত্তাল কৰি তুলিলে প্ৰতিবাদস্থলী ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, সেই বিধ্বস্ত পথেৰে টান নৰিয়াত পৰা ৰোগীক অনা-নিয়াৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাটো দূৰৰে কথা, কিছুদিন পূৰ্বে বিধ্বস্ত পথটোৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হয় এগৰাকী গৰ্ভৱতী মহিলাই ৷ স্থানীয় ৰাইজে ৰঙাপৰা উন্নয়ন খণ্ডলৈ আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰিলে ৷ জনপ্ৰতিনিধিসকলে কেৱল আশ্বাসহে প্ৰদান কৰে কিন্তু তেওঁলোকৰ আশ্বাস কেতিয়াও বাস্তৱায়িত নহয় ৷ বহু লোকৰ বসতিপূৰ্ণ গাঁও খনৰ একমাত্ৰ সংযোগী পথটো কোনো এখন চৰকাৰেই নিৰ্মাণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ যাৰ ফলত শিক্ষাৰ্থী, ৰোগী, ক্ষুদ্ৰ ব্যৱসায়ীকে আদি কৰি সকলো লোকেই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে ৰঙাপৰাৰ নাহৰণিবাসীক

লগতে পঢ়ক: কামপুৰত অব্যাহত বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.