ETV Bharat / state

বোৱাৰী নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত বিৰূপ মন্তব্যঃ গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী কনিষ্টবল

চতিয়াত বোৱাৰী সন্ধানহীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত ছ’চিয়েল মিডিয়াযোগে বিৰূপ মন্তব্য কৰি ৰোষত পৰিল আৰক্ষী বিভাগত কৰ্মৰত পুতুল দলে নামৰ যুৱকজন ৷ পুতুলক গ্ৰেপ্তাৰৰ দাবীৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে টৌভঙা মিচিং গাঁও উন্নয়ন কমিটিয়ে ৷

author img

By

Published : Aug 22, 2020, 4:11 PM IST

man in trouble to comment in social media at sotea
বোৱাৰী নিৰুদ্দেশক লৈ বিৰূপ মন্তব্য কৰি ৰোষত পৰিল এজন যুৱক

চতিয়া, ২২ আগষ্ট: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত বামুনিপাম অঞ্চলৰ পৰা ২ আগষ্টত প্ৰমিলা নৰহ নামৰ বোৱাৰী গৰাকী সন্ধানহীন হোৱাৰ বাতৰি ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰ হৈছিল ৷ ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে বিৰূপ মন্তব্য প্ৰদান কৰি বিপদত পৰিল সোৱনশিৰি গথামী হাটিৰ নিবাসী যোগেন দলেৰ পুত্ৰ তথা আৰক্ষী বিভাগত কৰ্মৰত পুতুল দলেই ৷

উল্লেখ্য যে, টৌভঙা অঞ্চলৰ বিভিন্ন দল-সংগঠনে যুৱক পুতুলক বিৰূপ মন্তব্য প্ৰদান সন্দৰ্ভত ক্ষমা খুজিবৰ বাবে মাতি নিছিল যদিও পুতুলে কোনো কানসাৰ নিদিয়াত সৰৱ হৈ পৰে টৌভঙা মিচিং গাঁও উন্নয়ন কমিটি ৷

কমিটিখনৰ সদস্য দ্বিপেন মিলি আৰু আন সদস্যবৃন্দই পুতুলক গ্ৰেপ্তাৰৰ দাবীৰে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথৰ এখন এজাহাৰ দাখিল কৰে ৷ লগতে পুতুলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ বাবে অনুৰোধ জনায় সদস্যবৃন্দই ।

লগতে পঢ়ক: কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.