ETV Bharat / state

বনগাঁও অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া AJYCPৰ

author img

By

Published : Mar 6, 2021, 5:04 PM IST

মাজুলীৰ বনগাঁৱত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন প্ৰদান কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব মাজুলী আঞ্চলিক সমিতিয়ে । যোৱা ৪ মাৰ্চত বনগাঁৱত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই ।

বনগাঁৱত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন প্ৰদান কৰিবলৈ দাবী AJYCPৰ

মাজুলী, ৬ মাৰ্চ: মাজুলীৰ বনগাঁৱত যোৱা ৪ মাৰ্চত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব মাজুলী আঞ্চলিক সমিতিয়ে অঞ্চলটোত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । বৃহস্পতিবাৰে বনগাঁও আৰক্ষী চকীৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈছিল ।

অগ্নিকাণ্ডত কেইবাখনো দোকানৰ ক্ষতিসাধন হয় ৷ আনহাতে, এই দোকানকেইখনেই কেইবাটাও পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ সম্বল আছিল । জুয়ে সকলোবোৰ ছাৰখাৰ কৰাৰ পাছত এতিয়া পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

সেয়ে, শীঘ্ৰেই ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ মাজুলী আঞ্চলিক সমিতিয়ে । লগতে বনগাঁও আৰক্ষী চকীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন সদায় ৰখাৰ বাবে দাবী জনাইছে । বৃহস্পতিবাৰে বনগাঁও আৰক্ষী চকীৰ নিচেই কাষতে অগ্নিকাণ্ড সংঘটিত হৈছিল ।

সংগঠনটোৰ নেতৃত্বই কয় যে, বনগাঁও আৰক্ষী চকীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী থকা হ'লে অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ল'ব নোৱাৰিলেহেতেন । এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.