ETV Bharat / state

টাৱাঙত নিৰ্মাণ হ'ব অসম ৰাইফলছৰ মেজৰ ৰেলাংনাও খাটিঙৰ স্মৃতি সৌধঃ পেমা খাণ্ডু - Major Relangnao Khathing memorial

টাৱাঙৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে এই স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷

major-relangnao-khathing-memorial-will-be-establish-at-tawang
টাৱাঙত নিৰ্মাণ হ'ব অসম ৰাইফলছৰ মেজৰ ৰেলাংনাও খাটিঙৰ স্মৃতি সৌধ
author img

By

Published : Jan 16, 2021, 9:07 PM IST

তেজপুৰ,16 জানুৱাৰী: ভাৰতীয় সেনা দিৱসৰ দিনটোতে অৰুণাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ 70 বছৰৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ভাৰত-তীব্বত সীমান্তত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা প্ৰথমজন সৈনিক ৰেলাংনাও খাটিঙৰ প্ৰতি শ্ৰদ্ধা জনায় তেওঁৰ এটা স্মৃতিসৌধ নিৰ্মাণৰ কথা জনালে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ টাৱাঙৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে এই স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ তেওঁৰ এই সৌধ টাৱাং জিলা প্ৰশাসনৰ কাৰ্য্যালয়ৰ সমীপত স্থাপন কৰি তেওঁৰ বিষয়ে বৃষ্টিত টোকা সন্নিবিষ্ট কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে এই বিষয়ে নিজৰ টুইটাৰৰ জড়িয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

major-relangnao-khathing-memorial-will-be-establish-at-tawang
টাৱাঙত নিৰ্মাণ হ'ব অসম ৰাইফলছৰ মেজৰ ৰেলাংনাও খাটিঙৰ স্মৃতি সৌধ

উল্লেখ্য যে, মেজৰ বব খাটিং হিচাপে পৰিচিত অসম ৰাইফলছৰ বিষয়া ৰেলাংনাও খাটিঙে মেক মোহন লাইনৰ সমীপত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল ৷ 1912 চনত মণিপুৰৰ উখৰুল জিলাত জন্ম হৈছিল মেজৰ বব খাটিঙৰ । তথ্য অনুসৰি তেওঁ 5ম অসম ৰাইফলছত অংশগ্ৰহণ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাক সহায় কৰিছিল ৷ তাৰ পিছত তেওঁ ব্ৰিটিছ মিলিটেৰী ক্ৰছৰ পৰা মেম্বাৰ অব ব্ৰিটিছ এমপিৰে (Member of British Empire) ৰ সন্মান লাভ কৰিছিল ৷

স্বাধীনতাৰ পিছত 1950 চনৰ নৱেম্বৰ মাহত তেওঁ টিৰাপ ডিভিজনত এগৰাকী অতিৰিক্ত ৰাজনৈতিক বিষয়া হিচাপে কৰ্তব্যৰত আছিল ৷ উল্লেখযোগ্য যে, এই গৰাকী অসম ৰাইফলছৰ বিষয়াই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ পৰা 1951 চনৰ 17 জানুৱাৰীত 5ম অসম ৰাইফলছৰ কনভয়ৰ লগত পদ পথে খোজ কাঢ়ি ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখত টাৱাঙত উপস্থিত হৈছিল ৷ খাণ্ডুয়ে উল্লেখ কৰে যে, স্মৃতিসৌধ নিৰ্মাণ হোৱাৰ পিছত এইগৰাকী সেনা বাহিনীৰ বিষয়াৰ বিষয়ে সকলোৱে জানিব পাৰিব ৷

লগতে পঢ়কঃ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.