ETV Bharat / state

আছু অসমৰ ৰাইজৰ মাজত সদায় থাকিবঃ লুৰীণজ্যোতি গগৈ

সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ মাজত সদায় আছে আৰু ভৱিষ্যতৰ দিনটো থাকিব । আছুৰ গৰিমা কেতিয়াও শেষ হৈ নাযায় । ৰাইজে আঁকোৱালি ল’ব । এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ । স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অতিমানৱ আখ্যা আছুৰ সম্পাদক গৰাকীৰ ।

author img

By

Published : Sep 22, 2020, 10:07 PM IST

Updated : Sep 23, 2020, 9:19 AM IST

Lurin Jyiti Gogoi visit tezpur comments aginest himanta biswa sharma
আছু অসমৰ ৰাইজৰ মাজত সদায় থাকিবঃ লুৰীণজ্যোতি গগৈ

তেজপুৰ,২২ ছেপ্তেম্বৰঃ ৰাজ্যত সমাগত বিধান সভাৰ নিৰ্বাচন ৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক বতাহ লাহে লাহে গৰম হ’বলৈ ধৰিছে ৷ ইপিনে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা আঞ্চিলক ৰাজনৈতি দল অসম জাতীয় পৰিষদৰ জন্ম লাভেও ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে ৷

তাৰমাজতে মঙলবাৰে সন্ধিয়া তেজপুৰত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে , ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন ৰাজনৈতিক দল সমূহে আগন্তুক নিৰ্বাচনত ১২০০টাৰ ৰ ভিতৰতে ভোট পাব বুলি কৰা মন্তব্যক কটাক্ষ কৰি কয় যে, এনেধৰণৰ মন্তব্য অতি অহংকাৰী আৰু ইভি এম মেচিন মেনুপুলেত কৰা মানুহহে ক’ব পাৰে । গণতন্ত্ৰত ৰাইজে নিৰ্ণয় কৰিব , ৰাইজে ৰজা ৰাইজৰ ওপৰত কোনো নহয় । লগতে তেঁও কয় যে, লুই বাৰজাৰ আৰু সাৰদা কেলেংকাৰীত জড়িত লোকে এনেধৰণৰ মন্তব্য কৰিবই ।

ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কৰা মন্তৱ্যৰ বিৰুদ্ধেও সৰৱ হৈ পৰে আছুৰ সাধাৰণ সম্পাদক গৰাকী ৷ লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে, ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰনালয়ে অৱহেলা কৰিছে ৷ তেঁওলোকে প্ৰতিবেদন দাখিল কৰাৰ এসপ্তাহৰ ভিতৰত কাৰ্যকৰি কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল ; এতিয়া সেয়া কৰি দেখোৱাব লাগে ৷ অসম চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ৰাজ্য চৰকাৰক লুৰিণজ্যোতি গগৈয়ে সমালোচনা কৰা দেখা যায় ৷

লগতে পঢ়কঃ স্ক্ৰাৱ টাইফাছ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

Last Updated : Sep 23, 2020, 9:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.