ETV Bharat / state

অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ দ্বায়িত্বৰ পৰা অৱসৰ সুখদ্বীপ চাংৱানৰ

author img

By

Published : May 31, 2021, 9:55 PM IST

সোমবাৰে অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ দ্বায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে এভিএছএমৰ লেফটেনেণ্ট জেনেৰেল সুখদ্বীপ চাংৱানে ৷ ৪০ বছৰতকৈ ওপৰৰ কেৰিয়াৰত সশস্ত্ৰ বাহিনীত আন বহুতো গুৰুত্বপূৰ্ণ দ্বায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল সুখদ্বীপ চাংৱানে ৷ তেওঁৰ নেতৃত্বত উত্তৰ-পূৱত নতুন গতি লাভ কৰিছে অসম ৰাইফলছে ৷

LIEUTENANT GENERAL SUKHDEEP SANGWAN, AVSM, SM RELINQUISHES THE APPOINTMENT OF DIRECTOR GENERAL ASSAM RIFLES
অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ দ্বায়িত্বৰ পৰা অৱসৰ সুখদ্বীপ চাংৱানৰ

তেজপুৰ, 31 মে’: এভিএছএমৰ লেফটেনেণ্ট জেনেৰেল সুখদ্বীপ চাংৱানে 2018 চনৰ 14 মে’ তাৰিখে অসম ৰাইফলছৰ নেতৃত্ব গ্ৰহণ কৰিছিল । এজন অত্যন্ত সুসজ্জিত বিষয়া হিচাপে সুখদ্বীপ চাংৱানে ৪০ বছৰতকৈ ওপৰৰ কেৰিয়াৰত সশস্ত্ৰ বাহিনীত আন বহুতো গুৰুত্বপূৰ্ণ দ্বায়িত্বত কাৰ্যনিৰ্বাহ কৰি অৱশেষত ৩১ মে’ত অৱসৰ গ্ৰহণ কৰে ।

জেনেৰেল চাংৱানে বিগত তিনি বছৰ ধৰি বাহিনীটোক দৃঢ়, চতুৰ আৰু দূৰদৰ্শী নেতৃত্ব প্ৰদান কৰিছিল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ লগতে অসম ৰাইফলছক উৎকৃষ্টতালৈ লৈ যাবলৈ সদায় চেষ্টা অব্যাহত ৰাখিছিল ৷ যাৰ ফলত অঞ্চলটোৰ শান্তি আৰু উন্নয়নত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল । তেওঁ অঞ্চলটোৰ বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে ভালদৰে বুজি পোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম ৰাইফলছৰ সামৰ্থ্যৰ ব্যৱহাৰ কৰিছিল ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা ধনুৰ্বিদ্যা, এথলেটিকছ আৰু ফেন্সিং প্ৰশিক্ষণৰ সুবিধাৰ সৈতে এআৰপিএছ লাইটকোৰক ক্ৰীড়া বিদ্যালয় হিচাপে ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত জেনেৰেলৰ দৃষ্টিভংগীয়ে অনাগত বছৰবোৰত ফল প্ৰদান কৰিব । তেওঁৰ নিৰ্দেশনাত ইউনাইটেড চাৰ্ভিচেছ ইনষ্টিটিউচন অৱ ইণ্ডিয়া, নতুন দিল্লী আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিয়ে নিশ্চিত কৰিব যে, অসম ৰাইফলছে চৰকাৰৰ 'এক্ট ইষ্ট পলিচী'ত সক্ৰিয়ভাৱে অৱদান আগবঢ়ায় আৰু অংশগ্ৰহণ কৰে ।

ক’ভিড-19 ৰ ভয়াৱহ সময়ছোৱাত মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাত জেনেৰেলৰ বিচক্ষণতা কেৱল বাহিনীয়েই নহয়, সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যৰ জনসাধাৰণৰ দ্বাৰাও স্মৰণীয় হৈ থাকিব । তেওঁৰ অধীনত হোৱা কাৰ্যপ্ৰণালীসমূহে ম্যানমাৰৰ সৈতে সীমান্ত আৰু ভিতৰুৱা অঞ্চলত শান্তি নিশ্চিত কৰাৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কাৰ্যকৰী দক্ষতাই সৰ্বোচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক: কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.